All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #47
September 10, 2026

নবাগত শিক্ষাৰ্থীসকলক উষ্ম আদৰণি জনালে AAGSU বিহালী স্নাতক মহাবিদ্যালয় গোটে

📅 September 10, 2026
✍️ AAGSU
🕒 12:07 AM

বিহালী, ৬ ছেপ্টেম্বৰ ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) বিহালী স্নাতক মহাবিদ্যালয় গোটৰ উদ্যোগত নতুন শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে “নবাগত আদৰণি সভা” তথা “ৰমাইলো ভেটঘাট” অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বক্তাসকলে নতুন শিক্ষাৰ্থীসকলক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ যাত্ৰাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত বক্তব্য আগবঢ়াই বক্তাসকলে অসমৰ জাতীয় জীৱন আৰু সমাজ গঠনত গোৰ্খা ছাত্ৰ সন্থাই পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰা হয়। নবাগত শিক্ষাৰ্থীসকলক সঠিক দিশ-নিৰ্দেশনা প্ৰদান আৰু তেওঁলোকৰ মাজত আত্মবিশ্বাস সৃষ্টি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপক এক প্ৰশংসনীয় উদ্যোগ হিচাপে অভিহিত কৰা হয়।

অনুষ্ঠানত বিশ্বনাথ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অজিত ঢাকালৰ লগতে জিলা সমিতিৰ নেতৃত্ববৰ্গ উপস্থিত থাকে। ইয়াৰ উপৰি বিশ্বনাথ মহাবিদ্যালয় গোৰ্খা ছাত্ৰ সন্থা গোটৰ সভাপতি আৰু সম্পাদক, বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি আৰু সম্পাদক, যুৱ সমাজকৰ্মী, প্ৰাক্তন AAGSU কৰ্মীকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

নবাগত শিক্ষাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ লগতে শৃংখলাবদ্ধ আৰু সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশে অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে। উপস্থিত অতিথিসকলে সকলো নবাগত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই তেওঁলোকৰ উচ্চ শিক্ষাৰ যাত্ৰা সফলতা আৰু উজ্জ্বল ভৱিষ্যতেৰে পৰিপূৰ্ণ হওক বুলি কামনা কৰে।

অনুষ্ঠানটোৰ সফল আয়োজনৰ বাবে আয়োজক সমিতি আৰু AAGSU বিহালী স্নাতক মহাবিদ্যালয় গোটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ

Report: Dhiraj Bhandari- President, Sootea Anchalik Committee.

📤 Share this story
Scroll to Top