
নগাঁও, ১৯ ছেপ্টেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), নগাঁও জিলা সমিতিৰ সভাপতি শ্ৰী ৰোহিত শৰ্মাৰ নেতৃত্বত নগাঁও জিলা সমিতি আৰু কলিয়াবৰৰ কুঢ়িমাৰী গাঁওবাসীৰ সহযোগত মহান শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰথম বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
অনুষ্ঠানত উপস্থিত AAGSUৰ বিষয়ববীয়া, সদস্য তথা স্থানীয় ৰাইজে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে কিছু সময় মৌনতা অৱলম্বন কৰি মহান শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়।
জুবিন গাৰ্গৰ সুৰ, সংগীত, সৃষ্টি আৰু অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদান অনুষ্ঠানত স্মৰণ কৰা হয়। তেওঁৰ অনন্য কণ্ঠ আৰু সৃষ্টিশীলতাই অসমীয়া সংগীতক এক বিশেষ পৰিচয় প্ৰদান কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক সংগীতৰ জৰিয়তে একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি উপস্থিতসকলে উল্লেখ কৰে।
অনুষ্ঠানত বক্তাসকলে জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু সাংস্কৃতিক অৱদান নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁৰ সুৰ আৰু স্মৃতি সদায় অসমৰ জনসাধাৰণৰ হৃদয়ত জীয়াই থাকিব বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।
অনুষ্ঠানৰ জৰিয়তে AAGSU নগাঁও জিলা সমিতিয়ে মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ সাংস্কৃতিক অৱদানক সন্মানেৰে স্মৰণ কৰে।
প্ৰতিবেদক : ৰোহিত শৰ্মা, সভাপতি, নগাঁও জিলা সমিতি