
বিশ্বনাথ, ২৭ অক্টোবৰ: বিশ্বনাথ জিলাৰ গহপুৰ-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ত অৰুণাচলৰ দুৰ্বৃত্তৰ গুলীত অসমৰ যুৱক প্ৰদীপ চুব্বা নিহত হোৱা ঘটনাক তীব্ৰ গৰিহণা জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ বিশ্বনাথ জিলা সমিতিয়ে। এই বৰ্বৰ আৰু অমানৱীয় হত্যাকাণ্ডৰ ৰাজগড় আঞ্চলিকপ্ৰতিবাদত অঞ্চলক সমিতিৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এজন নিৰীহ অসমৰ যুৱকক এনেদৰে গুলীয়াই হত্যা কৰা ঘটনাক অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আখ্যা দি সংগঠনটোৱে ঘটনাটোৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে। এনে হিংসাত্মক কাৰ্যই সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে বুলিও সংগঠনটোৱে মত প্ৰকাশ কৰে।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আগছু বিশ্বনাথ জিলা সমিতিয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ঘটনাটোৰ এক নিৰপেক্ষ আৰু ক্ষিপ্ৰ তদন্তৰ দাবী জনায়। লগতে, হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা আৰু আইন অনুসৰি দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।
সংগঠনটোৱে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ভৱিষ্যতে এনে অনাকাংক্ষিত ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ প্ৰশাসনক তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
প্ৰতিবেদক : কুশল ভট্টৰাই, সাংগঠনিক সম্পাদক, বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা ।