
ওদালগুৰি, ২৫ অক্টোবৰ: ১নং মাজৰগাঁও শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ সাদৰ আমন্ত্ৰণক্ৰমে অঞ্চলটোত আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী বিকাশ শৰ্মা।
উক্ত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত এনে সাংস্কৃতিক অনুষ্ঠানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে সাংস্কৃতিক অনুষ্ঠানসমূহে সমাজৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজত নিজৰ ঐতিহ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰ জৰিয়তে ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰখাৰ প্ৰয়াস কৰাৰ বাবে শ্ৰী শৰ্মাই আয়োজক সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য-সদস্যাৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে, ভৱিষ্যতেও এনে সাংস্কৃতিক কাৰ্যসূচী অব্যাহত ৰাখি সমাজৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত আগবাঢ়ি যাবলৈ তেওঁ আয়োজকসকলক উৎসাহিত কৰে।
প্ৰতিবেদক : শ্ৰী সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ওদালগুৰি জিলা সমিতি।