All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #54
•
October 29, 2026

লিডু ঝৰ্ণা বস্তিৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন আগছুৰ, ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবী

📅 October 29, 2026
✍️ AAGSU
🕒 12:05 AM

মাৰ্ঘেৰিটা, ২৮ অক্টোবৰ: মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তিত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় সমিতি আৰু তিনিচুকীয়া জিলা সমিতিৰ এটা প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰে।

ক’ল ইণ্ডিয়াৰ অনিয়ন্ত্ৰিত মাটি আৰু কয়লা পেলোৱাৰ ফলত ঝৰ্ণা বস্তিৰ বহু বাসগৃহ আৰু বাট-পথত বৃহৎ ফাট মেলাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ জীৱন আৰু সম্পত্তি গভীৰ সংকটৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজে নিৰাপত্তাহীনতাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হোৱা পৰিস্থিতিয়ে প্ৰতিনিধি দলটোক উদ্বিগ্ন কৰি তোলে।

পৰিদৰ্শনকালত প্ৰতিনিধি দলটোৱে অঞ্চলটোত সৃষ্টি হোৱা ফাট আৰু ক্ষয়-ক্ষতিৰ ভয়াৱহতা প্ৰত্যক্ষ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ স্থানীয় প্ৰশাসন আৰু ক’ল ইণ্ডিয়া কৰ্তৃপক্ষক জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আগছুৱে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উচিত আৰু পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান, বিপদাপন্ন পৰিয়ালসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি উপযুক্ত সংস্থাপনৰ ব্যৱস্থা কৰা আৰু বিশেষজ্ঞৰ দ্বাৰা বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰি ফাট মেলাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাৰ দাবী উত্থাপন কৰে।

লগতে, ভৱিষ্যতে এনে বিপৰ্যয়ৰ পুনৰাবৃত্তি ৰোধ কৰি অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়।

জনসাধাৰণৰ সুৰক্ষা আৰু ন্যায়ৰ স্বাৰ্থত আগছু সদায় ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থাকিব বুলি প্ৰতিনিধি দলটোৱে স্পষ্ট কৰি দিয়ে। প্ৰশাসন আৰু ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ নকৰালৈকে সংগঠনটোৱে এই দাবী অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে।

📤 Share this story
Scroll to Top