
মাৰ্ঘেৰিটা, ১১ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত গোৰ্খা জনগোষ্ঠীৰ পৱিত্ৰ, ঐতিহ্যবাহী আৰু সাংস্কৃতিক পৰিচয় বহনকাৰী উৎসৱ সমূহীয়া ভাতৃ দ্বিতীয়া (ভাই ফুটা) ১১ নৱেম্বৰ ২০২৬ তাৰিখে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাবত অতি উলহ-মালহ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু পাৰস্পৰিক বিশ্বাসৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্ব, জাতীয় সংগঠনৰ প্ৰতিনিধি, আগছুৰ কেন্দ্ৰীয় তথা বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।
ভাতৃ-ভগ্নীৰ মাজৰ চিৰন্তন মৰম, স্নেহ, বিশ্বাস, মংগল কামনা আৰু আত্মীয়তাৰ প্ৰতীক হিচাপে পৰিচিত ভাতৃ দ্বিতীয়া গোৰ্খা সমাজৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা। এই উৎসৱে গোৰ্খা জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি, ঐতিহ্য আৰু পাৰিবাৰিক মূল্যবোধক সুন্দৰভাৱে প্ৰতিফলিত কৰে। অনুষ্ঠানত গোৰ্খা বাই-ভনীসকলে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি উপস্থিত বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতা, বিশিষ্ট ব্যক্তি আৰু আমন্ত্ৰিত অতিথিসকলৰ কপালত ভাই ফুটা লগাই ভাতৃ দ্বিতীয়াৰ শুভেচ্ছা জ্ঞাপন কৰে। এই পৰম্পৰাগত আদৰণিৰ জৰিয়তে অতিথিসকলক মৰম, সন্মান আৰু ভাতৃত্ববোধৰ এনাজৰীৰে আদৰি লোৱা হয়।
উক্ত অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উন্নয়ন আয়ুক্ত শ্ৰীযুত জাভেদ অৰ্মান, আগছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক শ্ৰীযুত বিনোদ খনাল, AJYCPৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰীযুত সুৰজিৎ মৰাণ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত পাপু দত্ত, তিনিচুকীয়া সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত ৰাণা জ্যোতি নেওগ, NK TVৰ ব্যুৰো চীফ শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম ভূঞা, যুৱ নেতা শ্ৰীযুত শংকৰ জ্যোতি বৰুৱা, অসম যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত উদয়ন গগৈ, বেংগলী ফেডাৰেচনৰ সাধাৰণ সম্পাদক শ্ৰীযুত অজিত দেৱনাথ, যুৱ নেতা শ্ৰীযুত ৰাহুল ছেত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শ্ৰীযুত প্ৰতিম নেওগে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ উপৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠনৰ প্ৰতিনিধি, সমাজকৰ্মী, বুদ্ধিজীৱী আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক সৰ্বজনীন মিলনভূমিত পৰিণত কৰে।
লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় নেতৃত্ববৃন্দ, বিষয়ববীয়া আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা জিলা সমিতিৰ প্ৰতিনিধিসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সাংগঠনিক গুৰুত্ব আৰু গাম্ভীৰ্য অধিক বৃদ্ধি কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ একেলগে অংশগ্ৰহণে অসমৰ বহুজাতিক আৰু বহুভাষিক সমাজৰ মাজত থকা ঐক্য আৰু পাৰস্পৰিক সহযোগিতাৰ এক সুন্দৰ ছবি দাঙি ধৰে।
অনুষ্ঠানৰ আন এক বিশেষ আকৰ্ষণ আছিল অতিথিসকলক গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যসম্ভাৰেৰে আপ্যায়ন কৰা কাৰ্যসূচী। ইয়াৰ জৰিয়তে গোৰ্খা সমাজৰ খাদ্য-সংস্কৃতি, আতিথ্য পৰম্পৰা আৰু সামাজিক সৌহাৰ্দ্যৰ পৰিচয় দাঙি ধৰা হয়। লগতে আমন্ত্ৰিত শিল্পীসকলৰ মনোমোহা দেউচি-ভৈলী পৰিৱেশনে অনুষ্ঠানৰ আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশক অধিক আকৰ্ষণীয় কৰি তোলে। সংগীত, সংস্কৃতি আৰু পৰম্পৰাৰ সমাহাৰে সমগ্ৰ অনুষ্ঠানস্থলীত এক আনন্দময় আৰু আন্তৰিক পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখযোগ্য যে, সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপন কেৱল এটা ধৰ্মীয় বা পাৰম্পৰিক উৎসৱৰ মাজতে সীমাবদ্ধ নহয়; বৰঞ্চ ই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সামাজিক সম্পৰ্ক, ভাতৃত্ববোধ, পাৰস্পৰিক সন্মান আৰু সম্প্ৰীতিৰ বন্ধন সুদৃঢ় কৰাৰ এক শক্তিশালী মাধ্যম হিচাপেও পৰিগণিত হৈছে। বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ এই পৰম্পৰাগত উৎসৱত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিসকলক ভাতৃ হিচাপে আদৰি লোৱাৰ এই পদক্ষেপে ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ মহান আদৰ্শক বাস্তৱ ৰূপ প্ৰদান কৰে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এনে পদক্ষেপৰ জৰিয়তে গোৰ্খা জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যক বৃহত্তৰ অসমীয়া সমাজৰ মাজত অধিক পৰিচিত কৰাৰ লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহাৱস্থানৰ পৰিৱেশ শক্তিশালী কৰাৰ এক ইতিবাচক প্ৰয়াস অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটাত অনুষ্ঠিত এই সমূহীয়া ভাতৃ দ্বিতীয়া উদযাপনে জাতীয় সংগঠনসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সামাজিক ঐক্যৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়।
অনুষ্ঠানটি সফলতাৰে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা তিনিচুকীয়া জিলা সমিতি, কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দ, বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া, আমন্ত্ৰিত অতিথি, শিল্পী, সহযোগীসকল আৰু উপস্থিত সকলোৰে প্ৰতি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
প্ৰতিবেদক : চন্দন শৰ্মা–আলোচনী সম্পাদক,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)