
বৰঝাৰণী, ৫ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), বিশ্বনাথ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন ৫ নৱেম্বৰ ২০২৬ তাৰিখে বাঘমৰা আঞ্চলিক সমিতিৰ আতিথ্যত বৰঝাৰণী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সংগঠনৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰা, নেতৃত্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা আৰু আগন্তুক দিনৰ কৰ্মপন্থা নিৰ্ধাৰণৰ উদ্দেশ্যে অনুষ্ঠিত এই অধিৱেশনত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা ১৫০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল নতুন জিলা সমিতি গঠন। প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে নবদীপ ছেত্ৰীক বিশ্বনাথ জিলা সমিতিৰ সভাপতি আৰু চিন্ময় ৰিজালক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। নতুন নেতৃত্ব নিৰ্বাচনৰ জৰিয়তে জিলাখনত সংগঠনৰ সাংগঠনিক কাম-কাজ অধিক গতিশীল কৰাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে এক নতুন দিশ নিৰ্ধাৰণ কৰা হয়।
উক্ত অধিৱেশনত পৰ্যবেক্ষক হিচাপে আগছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি খগেন্দ্ৰ থাপা, সহকাৰী সম্পাদক মহেশ শৰ্মা, সাংগঠনিক সম্পাদক কিৰণ খড়কা আৰু অমৃত খড়কা তথা কাৰ্যালয় সম্পাদক লক্ষী শৰ্মা উপস্থিত থাকে। ইয়াৰ উপৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল ছুতাৰেও অধিৱেশনত উপস্থিত থাকি প্ৰতিনিধিসকলক উৎসাহিত কৰে আৰু অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
কাৰ্যসূচীৰ আৰম্ভণিতে আগছু বিশ্বনাথ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তৰুণ উপাধ্যায়ে সংগঠনৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই পতাকা উত্তোলন কাৰ্যসূচীত জিলা সমিতিৰ সমূহ বিষয়ববীয়া, বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰতিনিধি, বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। ইয়াৰ পিছতে জিলা সমিতিৰ সাধাৰণ সম্পাদক নবদীপ ছেত্ৰীয়ে শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰি সংগঠনৰ হকে আত্মবলিদান দিয়া শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অধিৱেশনৰ আলোচনাত সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, বিভিন্ন আঞ্চলিক সমিতিৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা, গোৰ্খা জাতিৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু সাংবিধানিক স্বাৰ্থ সুৰক্ষিত কৰা তথা ছাত্ৰ-যুৱ সমাজৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সংগঠনৰ ভূমিকা অধিক ফলপ্ৰসূ কৰাৰ বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰে। লগতে আগন্তুক দুটা বছৰত সংগঠনৰ কাৰ্যসূচীসমূহ অধিক সুপৰিকল্পিতভাৱে ৰূপায়ণ কৰা আৰু তৃণমূল পৰ্যায়ত সাংগঠনিক কাৰ্যকলাপ শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাৰে অনুষ্ঠিত এই অধিৱেশনে বিশ্বনাথ জিলাত আগছুৰ সাংগঠনিক ঐক্য আৰু শক্তিৰ এক ইতিবাচক প্ৰতিফলন দাঙি ধৰে। নৱনিৰ্বাচিত সভাপতি নবদীপ ছেত্ৰী আৰু সাধাৰণ সম্পাদক চিন্ময় ৰিজালৰ নেতৃত্বত আগছু বিশ্বনাথ জিলা সমিতিয়ে আগন্তুক দিনত অধিক শক্তিশালী, ঐক্যবদ্ধ আৰু গতিশীল ৰূপত জাতিৰ সামূহিক স্বাৰ্থ, ছাত্ৰ সমাজৰ অধিকাৰ আৰু সাংগঠনিক আদৰ্শৰ হকে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰা হয়।
প্ৰতিবেদক : নবদীপ ছেত্ৰী–সাধাৰণ সম্পাদক,বিশ্বনাথ জিলা সমিতি