All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #18
February 19, 2026

বিহালী আঞ্চলিক সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ: পৰীক্ষাৰ্থীৰ মনোবল বৃদ্ধিত গুৰুত্ব

📅 February 19, 2026
✍️ AAGSU
🕒 12:06 AM

বিহালী, ১৬ ফেব্ৰুৱাৰী: চলিত বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগ্ছু) বিহালী আঞ্চলিক সমিতিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত তেওঁলোকক মানসিক সাহস আৰু প্ৰেৰণা যোগোৱাৰ লক্ষ্যৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে এক বিশেষ অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে, বিহালী আঞ্চলিক সমিতিৰ এটি সঁজাতী দলে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলৰ ঘৰে ঘৰে উপস্থিত হৈ তেওঁলোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পৰীক্ষাৰ মাজত থকা উৎকণ্ঠা আৰু চাপ দূৰ কৰি ছাত্ৰ-ছাত্ৰীসকলে যাতে এক ইতিবাচক পৰিৱেশত নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব পাৰে, তাৰ বাবে সংগঠনটোৰ সদস্যসকলে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।
বিশেষকৈ যোৱা ১০ ফেব্ৰুৱাৰী তাৰিখে সংগঠনটোৰ এক বিশেষ দলে স্থানীয় পৰীক্ষা কেন্দ্ৰসমূহত উপস্থিত হৈ এক ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে। সেইদিনা কেন্দ্ৰসমূহত উপস্থিত হৈ তেওঁলোকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰে। জাতিগত বৈষম্যৰ উৰ্ধত গৈ সকলোৰে বাবে সমভাৱে আগবঢ়োৱা এই শুভেচ্ছাই পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত এক সুকীয়া উৎসাহৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
বিহালী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত ঘিমিৰে আৰু সাধাৰণ সম্পাদক কৰণ হোমাগাঞীৰ নেতৃত্বত পৰিচালিত এই কাৰ্যসূচীয়ে সমাজত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ দিশত ইতিবাচক প্ৰভাৱ পেলাইছে। ছাত্ৰ-ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, বৰঞ্চ ভৱিষ্যতৰ এজন সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ এনে ধৰণৰ সামাজিক দায়বদ্ধতাই বিশেষ ভূমিকা পালন কৰে বুলি স্থানীয় সচেতন মহলে মন্তব্য কৰিছে।
সংগঠনটোৰ এই মানৱীয় আৰু উৎসাহজনক কাৰ্যসূচীক বিহালীৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। পৰীক্ষাৰ্থীসকলৰ ফলাফল যাতে আশানুৰূপ হয় আৰু তেওঁলোকে সমাজলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবে বিহালী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই নিৰন্তৰ শুভকামনা জনাইছে।

প্ৰতিবেদক: কৰণ হোমাগাই- সাধাৰণ সম্পাদক, বিহালী আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top