
১০ ছেপ্টেম্বৰ, ২০২৬: ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছু) প্ৰাক্তন কৰ্মী মনোজ ছেত্ৰী যোৱা ২১ আগষ্টত নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত ২৪ আগষ্টত জীয়া-ভূৰুলী নদীৰ পৰা তেখেতৰ পাৰ্থিৱ শৰীৰ উদ্ধাৰ কৰা হয়।
আজি, ১০ ছেপ্টেম্বৰ তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি নোমল ছেত্ৰীৰ নেতৃত্বত এটা সজাতি দল স্বৰ্গীয় মনোজ ছেত্ৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সাক্ষাৎ কৰে। সজাতি দলটোৱে ঘটনাটোৰ সন্দৰ্ভত পৰিয়ালৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে পৰিয়ালবৰ্গৰ বক্তব্য আৰু উদ্বেগৰ বিষয়ে অৱগত হয়।
আগছুৰ তৰফৰ পৰা এই শোকাৱহ ঘটনাৰ উচিত, স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য উদঘাটন কৰাৰ লগতে পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনোৱা হয়। ঘটনাটোৰ প্ৰতিটো দিশ নিৰপেক্ষভাৱে তদন্ত কৰি প্ৰকৃত তথ্য পোহৰলৈ অনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।
লগতে স্বৰ্গীয় মনোজ ছেত্ৰীয়ে ন্যায় নোপোৱালৈকে আগছু পৰিয়ালটোৰ কাষত থাকিব আৰু ন্যায়ৰ দাবীত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
উল্লেখ্য যে স্বৰ্গীয় মনোজ ছেত্ৰী শ্ৰী কুল বাহাদুৰ ছেত্ৰীৰ কনিষ্ঠ পুত্ৰ আছিল। তেখেতৰ আকস্মিক আৰু অকাল মৃত্যুত পৰিয়াল, বন্ধু-বান্ধৱ তথা গোৰ্খা সমাজত গভীৰ শোকৰ ছাঁ পৰিছে। আগছুৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।