All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #48
September 17, 2026

শিল্পী হুকুম লাল মগৰৰ আদ্যশ্ৰাদ্ধত আগছুৰ শ্ৰদ্ধাঞ্জলি

📅 September 17, 2026
✍️ AAGSU
🕒 12:02 AM

তামুলপুৰ, ১৪ ছেপ্টেম্বৰ: অসমীয়া গোৰ্খা সমাজৰ প্ৰসিদ্ধ গায়ক তথা শিল্পী স্বৰ্গীয় হুকুম লাল মগৰৰ যোৱা ৫ ছেপ্টেম্বৰত অসাময়িকভাৱে দেহাৱসান ঘটে। আজি, ১৪ ছেপ্টেম্বৰ ২০২৬ তাৰিখে তেখেতৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তামুলপুৰ জিলাৰ শিৰশিনিস্থিত নিজ বাসগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ তৰফৰ পৰা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক শোকপত্ৰ প্ৰদান কৰি গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আগছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বিটিচি ক্ষেত্ৰীয় সমিতিৰ বিষয়ববীয়া, তামুলপুৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

আগছুৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় যে স্বৰ্গীয় হুকুম লাল মগৰৰ অকাল বিয়োগ অসমীয়া গোৰ্খা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ সুমধুৰ কণ্ঠ, সংগীতৰ প্ৰতি থকা অৱদান আৰু সমাজ-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা ভূমিকা সদায় স্মৰণীয় হৈ থাকিব।

আগছুৰ প্ৰতিনিধিসকলে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

📤 Share this story
Scroll to Top