All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #19
February 26, 2026

অসম লোকসেৱা আয়োগৰ সহায়ক উদ্যোগ বিষয়া পদত দ্বিতীয় স্থান লাভ কৰা অভয় শৰ্মালৈ সম্বৰ্ধনা সভা সম্পন্ন

📅 February 26, 2026
✍️ AAGSU
🕒 12:06 AM

শদিয়া, ২১ ফেব্ৰুৱাৰী ২০২৬: Assam Public Service Commission (APSC)ৰ অধীনত অনুষ্ঠিত পৰীক্ষাত সহায়ক উদ্যোগ বিষয়া পদত দ্বিতীয় স্থান অধিকাৰ কৰি শদিয়া অঞ্চলৰ কৃতী সন্তান শ্ৰীযুত অভয় শৰ্মাই এক গৌৰৱময় সাফল্য অৰ্জন কৰিছে। তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বক উপলক্ষে সদৌ অসম গোর্খা ছাত্র সন্থা (AAGSU)ৰ পুব আৰু পশ্চিম শদিয়া আঞ্চলিক সমিতিৰ উদ্যোগত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানটো কেন্দ্ৰীয় সমিতিৰ সহ শিক্ষা সম্পাদক ভোজৰাজ শৰ্মাৰ বিশেষ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণভাৱে সম্পন্ন হয়। সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিসকলৰ লগতে দুয়োটা আঞ্চলিক সমিতিৰ বহু সংখ্যক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে। অঞ্চলটোৰ শিক্ষানুৰাগী নাগৰিক আৰু যুৱসমাজেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অভয় শৰ্মালৈ শুভেচ্ছা জ্ঞাপন কৰে।
সভাত ভাষণ প্ৰদান কৰি ভোজৰাজ শৰ্মাই কয় যে অভয় শৰ্মাৰ এই সাফল্য কেৱল ব্যক্তিগত জয় নহয়, ই সমগ্ৰ গোর্খা সমাজৰ বাবে এক গৌৰৱৰ বিষয়। তেওঁ উল্লেখ কৰে যে অধ্যবসায়, শৃঙ্খলা আৰু লক্ষ্যপ্ৰতি দৃঢ় অঙ্গীকাৰ থাকিলে যিকোনো উচ্চ স্থান অধিকাৰ কৰা সম্ভৱ। এনে কৃতিত্বই সমাজৰ আন যুৱ-যুৱতীকো অনুপ্ৰাণিত কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে।
অভয় শৰ্মাৰ এই সফলতাৰ আঁৰত তেওঁৰ পৰিয়ালৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথাও সভাত উল্লেখ কৰা হয়। বিশেষকৈ পিতৃ শ্ৰী লালন শৰ্মা আৰু মাতৃ শ্ৰীমতী সৰিতা শৰ্মাৰ সুশিক্ষা, নৈতিক দীক্ষা আৰু অবিৰত সমৰ্থনেই তেওঁক এই শিখৰত উপনীত কৰাত সহায়ক হোৱা বুলি বক্তাসকলে কয়।
পুব শদিয়া আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি উমেশ গৌতম আৰু সম্পাদক বিৰেন্দ্ৰ গুৰুংয়ে অভয় শৰ্মাক অভিনন্দন জনাই কয় যে তেওঁৰ এই সাফল্যই শদিয়া অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত নতুন অধ্যায় সূচনা কৰিছে। আনহাতে পশ্চিম শদিয়া আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি জিতু ছেত্ৰী আৰু সম্পাদক বিবেক কাৰ্কীয়েও নিজৰ বক্তব্যত কয় যে অভয় শৰ্মাৰ কৃতিত্বে গোর্খা সমাজৰ সন্মান বৃদ্ধি কৰাৰ লগতে যুৱ প্ৰজন্মক উচ্চ লক্ষ্য স্থিৰ কৰি আগবাঢ়িবলৈ উৎসাহিত কৰিছে।
সম্বৰ্ধনা অনুষ্ঠানত অভয় শৰ্মাক ফুলাম গামোচা, শৰাই আৰু অভিনন্দন পত্রৰে সম্বৰ্ধনা জনোৱা হয়। নিজৰ বক্তব্যত তেওঁ এই সন্মানৰ বাবে সংগঠন আৰু অঞ্চলবাসীক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই সাফল্য সমাজৰ আশীৰ্বাদ আৰু পৰিয়ালৰ ত্যাগৰ ফল। আগন্তুক দিনত দায়িত্বশীলভাৱে কৰ্ম সম্পাদন কৰি ৰাজ্যৰ উদ্যোগিক উন্নয়ন আৰু সমাজৰ সৰ্বাংগীন কল্যাণত অৱদান আগবঢ়াবলৈ তেওঁ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
উল্লেখযোগ্য যে এই সম্বৰ্ধনা সভাই শদিয়া অঞ্চলৰ মাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ দিশত যুৱসমাজক অধিক উৎসাহিত কৰিছে। অভয় শৰ্মাৰ এই গৌৰৱময় সাফল্যই সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰাৰ লগতে আগন্তুক প্ৰজন্মৰ বাবে এক শক্তিশালী অনুপ্ৰেৰণা হিচাপে পৰিগণিত হৈছে।

প্ৰতিবেদক: বিবেক কাৰ্কী- সাধাৰণ সম্পাদক, পশ্ছিম সদিয়া আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top