All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #16
February 5, 2026

স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূর্তি উন্মোচন অনুষ্ঠান গুৱাহাটী মহানগৰত..

📅 February 5, 2026
✍️ AAGSU
🕒 12:03 AM

গুৱাহাটী, ৩১ জানুৱাৰী : অসমৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বৰেণ্য ব্যক্তিত্ব, গোর্খা সমাজৰ গৌৰৱ, অসহযোগ আন্দোলনৰ সক্ৰিয় যোদ্ধা বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূর্তি গুৱাহাটী মহানগৰৰ দিছপুৰস্থিত ড° আৰ পি ৰোডত এক গাম্ভীৰ্যপূর্ণ আৰু ভাবগম্ভীৰ পৰিবেশত উন্মোচন কৰা হয়। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ দেশপ্ৰেম, ত্যাগ আৰু অবিস্মৰণীয় অৱদান স্মৰণ কৰি কয় যে অসম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত গোর্খা সমাজে আগবঢ়োৱা ভূমিকা ইতিহাসত স্বৰ্ণাক্ষৰে লিখা থাকিব। বাবু ছবিলাল উপাধ্যায়ৰ দৰে ব্যক্তিত্বই অসমীয়া আৰু গোর্খা সমাজৰ মাজত জাতীয় ঐক্য সুদৃঢ় কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
উপস্থিত অতিথিসকলে নিজৰ বক্তব্যত বাবু ছবিলাল উপাধ্যায়ৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ, গান্ধীজীৰ আহ্বানত অসহযোগ আন্দোলনত যোগদান, কাৰাবাস ভোগ, লগতে গোর্খা সমাজৰ মাজত ভাৰতীয় জাতীয়তাবাদ জাগ্ৰত কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ কথা বিস্তৃতভাৱে আলোকপাত কৰে।
উল্লেখযোগ্য যে বাবু ছবিলাল উপাধ্যায় ১৮৮২ চনৰ ১২ মে’ত অবিভক্ত দৰং জিলাৰ বুঢ়ীগাঙত জন্মগ্ৰহণ কৰিছিল আৰু ২৪ জানুৱাৰী ১৯৮০ চনত ৯৭ বছৰ বয়সত দেহাৱসান ঘটে। তেখেতৰ পিতৃ আছিল স্বৰ্গীয় কাশীনাথ উপাধ্যায় (ঘিমিৰে) আৰু মাতৃ স্বৰ্গীয় বিষ্ণুমায়া দেৱী। ১৯২১ চনত গান্ধীজীৰ অসম ভ্ৰমণকালত তেজপুৰৰ পলো ফিল্ডত অনুষ্ঠিত ঐতিহাসিক জনসভাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি তেখেতে ব্ৰিটিছ শাসকৰ ৰোষত পৰিছিল। তথাপি পদ-মৰ্যাদা আৰু লোভ-লালসা প্ৰত্যাখ্যান কৰি কংগ্ৰেছ ত্যাগ নকৰা দৃঢ় মনোবলেই বাবু ছবিলাল উপাধ্যায়ক এক অবিচল স্বাধীনতা সংগ্ৰামী হিচাপে প্ৰতিষ্ঠা কৰিছিল।


অনুষ্ঠানটোত সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্ছু)ৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিতিও বিশেষভাৱে লক্ষ্য কৰা যায়। আগ্ছুৰ কেন্দ্ৰীয় সভাপতি শ্ৰী সুনিল কুমাৰ ছেত্ৰী, সাধাৰণ –সম্পাদক শ্ৰী নুমাল ছেত্ৰী, সংগঠনিক সম্পাদক শ্ৰী প্ৰকাশ কৈৰালা, মুখপত্ৰ সম্পাদক শ্ৰী কমল ঢকাল, শিক্ষা সম্পাদক শ্ৰী টিঙ্কু পৌডেল, কাৰ্যালয় সম্পাদক শ্ৰী বিষ্ণু প্ৰসাদ ছাপাই, প্ৰচাৰ সম্পাদক শ্ৰী সোমৰাজ সোণাৰ আৰু তথ্য-প্ৰযুক্তি সম্পাদক শ্ৰী কিৰণ খৰ্কা, সহ শিক্ষা সম্পাদক ত্ৰিসাংকৰ শৰ্মা, সহ সাংস্কৃতিক সম্পাদক ত্ৰিদেব বিস্ট,সাহিত্য সচিব দীপক দাহাল লগতে অন্যান্য বিষয় ববিয়া উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি বাবু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূর্তি উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰে। আগ্ছুৰ নেতৃবৃন্দই কয় যে এই প্ৰতিমূর্তি কেৱল এটা মূৰ্ত্তি নহয়, ই নতুন প্ৰজন্মৰ বাবে ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰেৰণাৰ উৎস হৈ থাকিব।
অনুষ্ঠানৰ অন্তত শ্ৰদ্ধাঞ্জলি আৰু দেশাত্মবোধক পৰিবেশৰ মাজেৰে স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ স্মৃতিৰ প্ৰতি গভীৰ সন্মান জনোৱা হয়।

📤 Share this story
Scroll to Top