All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #6
November 27, 2025

বান্দৰগুৰি আঞ্চলিক সমিতি AAGSU আৰু স্থানীয় Out Post IC-ৰ সৈতে গুৰুত্বপূর্ণ বৈঠক

📅 November 27, 2025
✍️ AAGSU
🕒 12:06 AM

২০/১১/২০২৫, বৃহস্পতিবাৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) বান্দৰগুৰি আঞ্চলিক সমিতিৰ নেতৃত্বত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত ভৈৰৱকুণ্ড Out Post ৰ IC কল্পজিত ফুকন ডেকাক সাক্ষাৎ কৰা হয়। বৈঠকত আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী কিৰণ অধিকাৰী দেৱৰ নেতৃত্বত বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

সভাত আঞ্চলিক সমিতিৰ উপ-সভাপতি মনিশ কাস্যপ, সাংগঠনিক সম্পাদক গংগা ছেত্ৰী, খেল সম্পাদক মনোজ শৰ্মা আৰু অন্যান্য বিষয়বসীয়াসকল উপস্থিত আছিল। বৈঠকত মূলত স্থানীয় সমিতি আৰু প্রশাসনৰ মাজত সমন্বয় বৃদ্ধি, শিক্ষামূলক উদ্যোগ, খেলা-ধুলা আৰু সমাজসেৱা সংক্রান্ত কার্যসূচীসমূহৰ বিষয়ে আলোচনা কৰা হয়।

সভাৰ অন্যতম গুৰুত্বপূর্ণ সিদ্ধান্ত আছিল বান্দৰগুৰি আঞ্চলিক সমিতিয়ে ভবিষ্যতে স্থানীয় প্রশাসনৰ সৈতে সুসম্পর্ক বজাই ৰাখি মিলিত প্ৰচেষ্টা অব্যাহত ৰখা। সমিতিয়ে মাননীয় ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক সম্বর্ধনা জনায়।

সভাৰ সভাপতি শ্ৰী কিৰণ অধিকাৰী দেৱে উল্লেখ কৰে যে, সমিতি সদায় সমাজ আৰু শিক্ষামূলক উন্নয়নৰ বাবে প্ৰতিশ্রুতিবদ্ধ। তেওঁ লগতে ক’লে যে স্থানীয় প্রশাসনৰ সহযোগিতা আৰু সমন্বয়ৰ মাধ্যমে ইয়াৰ কার্যক্ষমতা আৰু দায়িত্ববোধ বৃদ্ধি পায়।

এই সাক্ষাৎ আৰু বৈঠকৰ মাধ্যমে বান্দৰগুৰি আঞ্চলিক সমিতিয়ে স্থানীয় বিষয়বস্তু, খেলা-ধুলা, শিক্ষামূলক উদ্যোগ আৰু সমাজসেৱাত নতুন দিশা প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

প্ৰতিবেদন: কালিদাস ছেত্ৰী, শিক্ষা সম্পাদক, বান্দৰগুৰি আঞ্চলিক সমিতি (AAGSU)

📤 Share this story
Scroll to Top