
অসম–অৰুণাচল সীমান্ত সমস্যাকে ধৰি অঞ্চলটোৰ জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত চিলাপথাৰৰ গোৰ্খা ভৱন প্ৰাংগনত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই সাতদফীয়া দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যাস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই কয় যে, বহু বছৰ ধৰি অসম–অৰুণাচল সীমান্ত অঞ্চলত চলি থকা সীমা সমস্যাই স্থানীয় ৰাইজক গভীৰ সমস্যাৰ মুখামুখি কৰিছে। সীমান্ত এলেকাৰ বহু খিলঞ্জীয়া গোৰ্খা পৰিয়াল আজিও ভূমিৰ অধিকাৰ নাপাই অনিশ্চয়তাৰ মাজত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে বুলি তেওঁলোকে অভিযোগ কৰে।
প্ৰতিবাদকাৰীসকলে বিশেষকৈ ভুমি পট্টা প্ৰদান, এন চি (NC) গাঁওসমূহৰ শীঘ্ৰে জৰীপ সম্পন্ন কৰা, অবৈধ ভুমি বেদখল কঠোৰভাৱে ৰোধ কৰা আদি দাবী উত্থাপন কৰে। লগতে মালিনীপুৰ আৰু চিলাসুতি গাঁও পঞ্চায়তৰ বানপানী সমস্যাই প্ৰতি বছৰে জনজীৱন বিপৰ্যস্ত কৰি আহিছে বুলি উল্লেখ কৰি এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায়।
প্ৰতিবাদী সভাত মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক অনতি বিলম্বে ভুমি পট্টা প্ৰদান কৰাৰ দাবীও উত্থাপন কৰা হয়। ইয়াৰ উপৰি ৰাজহ গাঁওসমূহৰ সুৰক্ষা নিশ্চিত কৰা, সীমান্ত অঞ্চলত প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰা আদি বিষয়সমূহো সাতদফীয়া দাবীত অন্তৰ্ভুক্ত কৰা হয়।গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই স্পষ্ট ভাষাত কয় যে, এই দাবীসমূহ যদি চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ নকৰে আৰু শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ নলয়, তেন্তে সংগঠনটোৱে অনাগত দিনত অধিক তীব্ৰ তথা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। প্ৰয়োজন সাপেক্ষে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ দৰে কঠোৰ সিদ্ধান্ত লোৱাৰো হুংকাৰ প্ৰদান কৰে।প্ৰতিবাদী কাৰ্যসূচীত তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, আগসুৰ কেন্দ্ৰীয় নেতৃত্ব দিলীপ কুমাৰ লিম্বু, মোহন বিশ্বকৰ্মা, ধেমাজী জিলাৰ সভাপতি চমৰাজ পুৰী, সম্পাদক দিলীপ খানাল লগতে জিলা নেতৃত্ব, আঞ্চলিক নেতৃত্ব, চিলাপথাৰ আৰু আশে-পাশে অঞ্চলৰ বহু ছাত্ৰ-যুৱক, সামাজিক কৰ্মী তথা প্ৰায় ৭০০ সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। সমগ্ৰ প্ৰতিবাদী এলেকাটোত ন্যায়ৰ দাবীত পৰিৱেশ উত্তাল হৈ উঠে। ৰাইজে আশা প্ৰকাশ কৰে যে চৰকাৰে এই দাবীসমূহৰ প্ৰতি সংবেদনশীলতা দেখুৱাই শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।
প্ৰতিবেদন: সোমৰাজ পুৰী- সভাপতি, ধেমাজি জিলা সমিতি ( আগ্ছু)