All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #18
February 19, 2026

ভাদৈ আৰক্ষী চকী ঘেৰাও: বিজু লামাৰ ন্যায়ৰ দাবীত আগ্‌ছু আৰু গোৰ্খা নাৰী পৰিষদ দুলীয়াজান আঞ্চলিক সমিতিৰ তীব্ৰ প্ৰতিবাদ

📅 February 19, 2026
✍️ AAGSU
🕒 12:01 AM

ভাদৈ,৮ ফেব্ৰুৱাৰী: পুৱতি নিশা প্ৰায় ২টা মান বজাত ভাদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ দাস নামৰ বিষয়াজনে চিভিল পোছাকত আহি ভাদৈৰ ৩নং চপাতলী গাঁৱৰ খাটি খোৱা উদ্যমী যুৱক শ্ৰী বিজু লামাৰ বাসগৃহত পিছফালৰ দুৱাৰেদি হঠাতে প্ৰৱেশ কৰি কোনো ধৰণৰ নোটিচ বা কাৰণ নেদেখুৱাকৈ তেখেতৰ পত্নী আৰু মাত্ৰ ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ কন্যা সন্তানৰ সন্মুখতে বিজু লামাক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। তাৰ পাছত তেখেতক গাড়ীত উঠাই আৰক্ষী চকীলৈ লৈ যায় আৰু দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰি মুখত হাত ভৰাবলৈ বাধ্য কৰাই ভৰিৰ তলুৱাত বেতেৰে নিৰ্মমভাৱে উপর্যুপৰি প্ৰহাৰ কৰাৰ লগতে বুট জোতাৰে বুকুত গুৰিয়াই আহত কৰে। ইমানতে ক্ষান্ত নাথাকি উক্ত বিষয়াজনে বিজু লামাৰ সম্পত্তিৰ বিষয়ে সোধপাছ কৰি পুনৰ তেখেতৰ ঘৰলৈ লৈ যায় আৰু কষ্টৰে উপাৰ্জন কৰি ঘৰত সাঁচি ৰখা প্ৰায় ডেৰ লাখ টকা নগদ ধন ভয়-ভাবুকি দেখুৱাই বলপূৰ্বকভাৱে কাঢ়ি লৈ যায় বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। লগতে এই ঘটনাৰ বিষয়ে কাকো অৱগত কৰিলে ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলি ভাবুকিও প্ৰদান কৰি ঘৰলৈ পঠিয়াই দিয়াত পিছত বিজু লামাৰ স্বাস্থ্যৰ অৱনতি ঘটাত দুলীয়াজানৰ এখনি ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়। অন্যহাতেদি এই খবৰ বিয়পি পৰাৰ লগে লগেই গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপাৰ উপস্থিতিত দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি তিল বাহাদুৰ থাপা আৰু সাধাৰণ সম্পাদক সন্দিপ লিম্বুৰ নেতৃত্বত এটি সঁজাতি দল ভাদৈ আৰক্ষী চকী উপস্থিত হৈ ভাদৈ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ দাসক ২৪ ঘণ্টাৰ ভিতৰত বিজু লামাৰ চিকিৎসাৰ সমূহ খৰচ বহন কৰা আৰু ভয় ভাবুকিৰে লোৱা নগদ ধন ৰাশি ঘূৰাই দিবলৈ আহ্বান জনায় যদিও উক্ত সময়সীমা উকলি যোৱাত ১১ ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ভাদৈ আৰক্ষী চকীৰ দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত বিষয়া আকাশ দাসক অতিশীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে ভাদৈ আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীয়ে ভাদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ দাস গ’ বেক, আমাক ন্যায় লাগিবই, জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰক, অসম পুলিচ হায়!‌হায়!, আকাশ দাস মুৰ্দাবাদ, আকাশ দাসক বৰ্খাস্ত কৰক, খাকী পোছাকক কলংকিত কৰিবলৈ দিয়া নহব, আমাৰ দাবী মানিবই লাগিব, জনতাৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ’ব, আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত প্ৰতিবাদ স্থলীত দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত ডাঙৰীয়া উপস্থিত হৈ বিষয়টো গুৰুত্ব সহকাৰে লৈ এক শীৰ্ষ পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত উক্ত কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত আগ্‌ছু ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা উপস্থিত থাকি কয় যে, জনসাধাৰণৰ সুৰক্ষা আৰু সেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ এনে পাশৱিক কাণ্ড আৰু বৰ্বৰ অত্যাচাৰে সচেতন মহলক গভীৰভাৱে উদ্বিগ্ন কৰিছে। আকাশ দাসৰ দৰে নিৰ্লজ্জ, অনৈতিক, দুৰ্নীতিগ্ৰস্ত আৰু গুণ্ডা প্ৰবৃত্তিৰ বিষয়াৰ বাবে বিভিন্ন সময়ত অসম আৰক্ষীৰ খাকী পোছাক কলংকিত হোৱা দেখা গৈছে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধীনস্থ গৃহ বিভাগৰ অধীনত স্বচ্ছ, নিকা, দ্ৰুত আৰু স্মাৰ্ট আৰক্ষী ব্যৱস্থাৰ কথা কোৱা হয় যদিও এনে অমানৱীয় আৰু আইনবহিৰ্ভূত কাৰ্যই অসম আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ সদ্ভাৱ, বিশ্বাস আৰু সন্মান ক্ৰমাৎ ক্ষুণ্ণ কৰিছে। আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বত থকা কৰ্তব্যবাহীয়ে যদি নিজেই আইনৰ উৰ্ধত গৈ আইন হাতত তুলি লয়, তেন্তে সেয়া কিমান গ্ৰহণযোগ্য বুলি প্ৰশ্ন উত্থাপিত কৰাৰ লগতে ৰক্ষকেই যদি ভক্ষকৰ ৰূপ লয়, তেন্তে সাধাৰণ খাটি খোৱা নিৰ্দোষী নাগৰিকে নিৰাপত্তাহীনতা অনুভৱ কৰাটো স্বাভাৱিক।
আৰক্ষী বিষয়া আকাশ দাসক অতিশীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি বিজু লামাৰ এই নিৰ্দোষী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।
এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহ সম্পাদক অজয় কুমাৰ আলে, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা, সাধাৰণ সম্পাদক দিপু ঘিচিং, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি তিল বাহাদুৰ থাপা, সাধাৰণ সম্পাদক সন্দীপ কুমাৰ লিম্বু, গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভানেত্ৰী শুভদ্ৰা শৰ্মা, সম্পাদিকা মামনি শৰ্মা, উপদেষ্টাক্ৰমে হৰি ঠকুৰী, মীনা ছেত্ৰী, দুৰ্গা নেওপানেকে প্ৰমূখ্যে আগ্‌ছুৰ ভাদৈ শাখাৰ সভাপতি সম্পাদকৰ লগতে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদৰ প্ৰায় চাৰি শতাধিক বিষয়ববীয়া কাৰ্যকৰ্তা উপস্থিত থাকে।

প্ৰতিবেদক: ৰত্ন থাপা- সভাপতি, ডিব্ৰুগড় জিলা সমিতি ।

📤 Share this story
← First Story in Issue
Scroll to Top