
বিশ্বনাথ চাৰিআলি, ২৮ ছেপ্টেম্বৰ: যোৱা কালি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), বিশ্বনাথ মহাবিদ্যালয় গোটৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ত নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে এক নৱাগত আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শ্ৰী সমৰাজ সোনাৰ ডাঙৰীয়াৰ।বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম নেপালী সাহিত্য সভাৰ সন্মানীয় সভাপতি ড° চিন্তামণি শৰ্মা ডাঙৰীয়া, গোৰ্খা উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ শ্ৰী প্ৰেম তামাং ডাঙৰীয়া, কলাশ্ৰী বিনোদ খনাল ডাঙৰীয়া, ভাৰতীয় গোৰ্খা পৰিসংঘ, অসম ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি শ্ৰী খেম প্ৰধান ডাঙৰীয়া, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি শ্ৰী দিলীপ গজুৰেল ডাঙৰীয়া, সাংগঠনিক সম্পাদক শ্ৰী দীপক চুব্বা ডাঙৰীয়া আৰু কাৰ্যালয় সম্পাদক শ্ৰী লক্ষী শৰ্মা ডাঙৰীয়া উপস্থিত থাকে। ইয়াৰ উপৰি বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী তৰুণ উপাধ্যায় ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰী নাবদ্বীপ ছেত্ৰী ডাঙৰীয়াও অনুষ্ঠানত উপস্থিত থাকে।
অনুষ্ঠানত নৱাগত ছাত্ৰ-ছাত্ৰীসকলক নতুন শৈক্ষিক পৰিৱেশৰ সৈতে পৰিচিত কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ আৰু সফল শৈক্ষিক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একতা, ভাতৃত্ববোধ, নেতৃত্বৰ গুণ আৰু সাংগঠনিক চেতনা গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
সামগ্ৰিকভাৱে অনুষ্ঠানটোৱে নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নতুন উদ্যম আৰু উৎসাহৰ সৃষ্টি কৰাৰ লগতে AAGSUৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাত এক ইতিবাচক ভূমিকা পালন কৰে।
প্ৰতিবেদক:- কালিদাস ছেত্ৰী শিক্ষা সম্পাদক বান্দৰগুৰি আঞ্চলিক সমিতি,