All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #14
January 22, 2026

গোৰ্খা সংস্কৃতিক মহোৎসৱ–২০২৬ : লাই খুঁটা স্থাপনৰ মাধ্যমে শুভাৰম্ভ

📅 January 22, 2026
✍️ AAGSU
🕒 12:02 AM

“যি জাতিৰ সংস্কৃতি জীৱন্ত, সেই জাতি চিৰদিন চিৰকাল অমৰ”—এই মহান বাণীক সাৰ্থক ৰূপ দি যোৱা ইংৰাজী ১৬ জানুৱাৰী তাৰিখে গোৰ্খা উন্নয়ন পৰিষদ, অসম চৰকাৰৰ উদ্যোগত আগন্তুক ২৯, ৩০ আৰু ৩১ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া “গোৰ্খা সংস্কৃতিক মহোৎসৱ–২০২৬”ৰ লাই খুঁটা স্থাপন কাৰ্যসূচী ডিব্ৰুগড় জিলাৰ ৰাজগড় চাহ-বাগিছাৰ ৫ নং খেল পথাৰত সফলভাৱে সম্পন্ন হয়। গোৰ্খা সমাজৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয় সংৰক্ষণৰ দিশত এই কাৰ্যসূচীক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰা হয়।
লাই খুঁটা স্থাপন অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী দেৱে বিশেষ ভূমিকা পালন কৰে। তেওঁৰ সক্ৰিয় উপস্থিতি আৰু দিশনিৰ্দেশনাই অনুষ্ঠানটোক অধিক সুসংগঠিত আৰু শক্তিশালী কৰি তোলে। নিজৰ বক্তব্যত নোমল ছেত্ৰী দেৱে গোৰ্খা জাতিৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য জীয়াই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশেই জাতিৰ স্থায়ী উন্নতিৰ মূল আধাৰ আৰু “সংস্কৃতি যেতিয়া সমৃদ্ধ হয়—জাতিৰ উন্নতি হয়” এই মূল বাণীক সকলোৰে জীৱনত প্ৰয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়।
এই গুৰুত্বপূৰ্ণ কাৰ্যসূচী পৰিকল্পনা আৰু ৰূপায়ণত গোৰ্খা উন্নয়ন পৰিষদ, অসম চৰকাৰৰ অধ্যক্ষ প্ৰেম তামাং আৰু উপাধ্যক্ষ ৰাম দাহালৰ বিশেষ অৱদান আৰু নেতৃত্ব লক্ষ্য কৰা যায়। অধ্যক্ষ প্ৰেম তামাঙে নিজৰ বক্তব্যত অসমত বসবাস কৰা গোৰ্খা সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ আৰু গোৰ্খা উন্নয়ন পৰিষদ সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে গোৰ্খা সংস্কৃতিক মহোৎসৱ–২০২৬ৰ জৰিয়তে গোৰ্খা সমাজৰ ঐতিহ্য, কৃষ্টি আৰু সাংস্কৃতিক বৈচিত্ৰ্য অসমৰ সকলো জনগোষ্ঠীৰ আগত সুন্দৰভাৱে উপস্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে। উপাধ্যক্ষ ৰাম দাহালে এই মহোৎসৱৰ সফল আয়োজনৰ বাবে সকলো সংগঠন আৰু সাধাৰণ ৰাইজৰ একত্ৰিত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
উক্ত লাই খুঁটা স্থাপন অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদ, অসম চৰকাৰৰ অন্যান্য সদস্যসকলৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ কেইবাজনো কেন্দ্ৰীয় নেতৃত্ব, উজনি অসমৰ প্ৰায় সকলো কেইখন জিলা সমিতিৰ আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলৰ উল্লেখযোগ্য উপস্থিতি লক্ষ্য কৰা যায়। ইয়াৰ উপৰিও স্থানীয় ৰাইজৰ ব্যাপক অংশগ্ৰহণে অনুষ্ঠানটোক অধিক সাৰ্থক কৰি তোলে। বক্তাসকলে একমত প্ৰকাশ কৰে যে সকলোৰে সহযোগিতা আৰু অসমবাসী ৰাইজৰ পূৰ্ণ সমৰ্থনত এই মহোৎসৱ সফলভাৱে আয়োজন হ’বলৈ আগবাঢ়িছে। অনুষ্ঠানস্থলীত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল আৰু আগন্তুক তিনিদিনীয়া মহোৎসৱক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে ২৯, ৩০ আৰু ৩১ জানুৱাৰী ২০২৬ তাৰিখে ৰাজগড়, ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া গোৰ্খা সংস্কৃতিক মহোৎসৱ–২০২৬ত গোৰ্খা সমাজৰ লোকনৃত্য, লোকগীত, পৰম্পৰাগত সাজ-পোছাক, খাদ্য সংস্কৃতি আৰু ঐতিহাসিক পৰিচয় প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। এই মহোৎসৱে গোৰ্খা সমাজৰ ঐক্য সুদৃঢ় কৰাৰ লগতে অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু সংস্কৃতিক সমন্বয় অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা

📤 Share this story
Scroll to Top