All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #52
•
October 15, 2026

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে গোৰ্খা দল সংগঠনৰ বাৰ্তালাপ- শিক্ষা, নেপালী ভাষা, শিক্ষক নিযুক্তি আৰু সাংস্কৃতিক বিকাশৰ বিভিন্ন বিষয়ত আলোচনা।

📅 October 15, 2026
✍️ AAGSU
🕒 12:01 AM

গুৱাহাটী, ১১ অক্টোবৰ: অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বাসগৃহত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছু), অসম নেপালী সাহিত্য সভা আৰু অসম গোৰ্খা সন্মিলনৰ এটি যুটীয়া প্ৰতিনিধি দলে মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ গোৰ্খা সমাজৰ বিভিন্ন শৈক্ষিক, ভাষিক, সাহিত্যিক আৰু সাংস্কৃতিক বিষয় সন্দৰ্ভত আলোচনা কৰে।

প্ৰতিনিধি দলটোত অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তা মণি শৰ্মা আৰু কাৰ্যকৰী সভাপতি ড° ইন্দুপ্ৰভা দেৱী, অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভুজেল, প্ৰশাসনিক মুখ্য সচিব লক্ষ্মী চেড়াইঁ আৰু মুখ্য সম্পাদক ৰাজু ঢাকালৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নোমল ছেত্ৰী উপস্থিত থাকে।

সাক্ষাৎকালত অসমৰ গোৰ্খা সমাজৰ শৈক্ষিক উন্নয়ন, উচ্চ শিক্ষাত নেপালী ভাষাৰ প্ৰসাৰ, শিক্ষক পদৰ সৈতে জড়িত সমস্যা আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হয়। লগতে এই বিষয়সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা আৰু ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ সন্দৰ্ভতো মত বিনিময় কৰা হয়।

প্ৰতিনিধি দলটোৱে গোৰ্খা সমাজৰ ন্যায্য দাবীসমূহৰ সমাধানৰ লগতে শিক্ষা, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত অধিক উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইফালে, গোৰ্খা সমাজৰ প্ৰতি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা আন্তৰিকতা, সদিচ্ছা আৰু ইতিবাচক মনোভাৱৰ বাবে প্ৰতিনিধি দলটোৱে তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। সমাজখনৰ শৈক্ষিক উন্নতি আৰু ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাই ভৱিষ্যতে ইতিবাচক ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে আশা প্ৰকাশ কৰে।

অসমৰ গোৰ্খা সমাজৰ ন্যায্য দাবীসমূহৰ সমাধান আৰু সমাজখনৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে অসম নেপালী সাহিত্য সভা, অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ঐক্যবদ্ধভাৱে কাম কৰি যাব বুলি প্ৰতিনিধি দলটোৱে প্ৰকাশ কৰে।

প্ৰতিবেদক: শ্ৰী সঞ্জয় ছেত্ৰী, শিক্ষা সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ওদালগুৰি জিলা সমিতি।

📤 Share this story
← First Story in Issue
Scroll to Top