
হৰিশিঙা, নৱেম্বৰ ৫ : ওদালগুৰি জিলাৰ হৰিশিঙা ৰাস ময়দানত আজিৰ পৰা ধৰ্মীয় ভক্তি, উচ্ছ্বাস আৰু সাংস্কৃতিক ৰঙত উদ্বোধন কৰা হৈছে ৮৫সংখ্যক শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ। ১৮ কাতিৰ পৰা ২৪ কাতি (৫ নৱেম্বৰ পৰা ১১ নৱেম্বৰ)লৈ চলিবলগীয়া এই সাতদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানটো হৰিশিঙা অঞ্চলৰ ভক্তজনৰ লগতে বহু দূৰৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে আনন্দ আৰু ধৰ্মীয় একতাৰ এক উৎসৱত ৰূপান্তৰিত হৈছে।
শাৰদীয় পূৰ্ণিমাৰ পবিত্ৰ লগ্নত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সৈতে যি ৰাসলীলা কৰিছিল, তাৰ স্মৃতিত ভক্তিবাদৰ মূল স্তম্ভ হিচাপে দেশজুৰি পালন কৰা হয় ৰাস মহোৎসৱ। এই অনুশাসনেই হৰিশিঙাত অনুষ্ঠিত ৰাস মহোৎসৱৰ মূল প্ৰেৰণা। প্ৰতিবছৰৰ দৰে এইবেলিও শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদ্যাপন সমিতি, হৰিশিঙাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণত মহোৎসৱটো আয়োজন কৰা হৈছে।
উদ্যাপন সমিতিৰ সভাপতি শ্ৰী দেৱজিৎ কুমাৰ ডেকা আৰু সাধাৰণ সম্পাদক শ্ৰী ত্ৰিফুল চন্দ্ৰ দাসে জনাইছে যে, “এই ৰাস মহোৎসৱকে কেবল মাত্ৰ ধৰ্মীয় অনুষ্ঠান নহয়, সমাজৰ সকলো স্তৰৰ মানুহক একতাৰ বাটত আনিবলৈ এক পবিত্ৰ অনুষ্ঠানত পৰিনত হৈছে।”
আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)-ৰ সভাপতি শ্ৰী সুনীল ছেত্ৰী। তেখেতে উপস্থিত ভক্তজনৰ মাজত কৈছে, “ৰাস মহোৎসৱ কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই সমাজৰ ভাতৃত্ব, প্ৰেম আৰু নৈতিকতাৰ এক জীৱন্ত প্ৰতীক। এনে অনুষ্ঠানসমূহে বৰ্তমানৰ ডিজিটেল ব্যস্ততাৰ যুগত মানুহৰ মনক শান্তি আৰু ঈশ্বৰপ্ৰেমৰ পথত আগবঢ়াই লৈ যায়।”
তেখেতৰ সৈতে AAGSUৰ প্ৰচাৰ সম্পাদক শ্ৰী সোমৰাজ সোনাৰ, কাৰ্যালয় সম্পাদক শ্ৰী বিকাশ শৰ্মা, দৰং জিলাৰ তদৰ্থ সমিতিৰ সভাপতি শ্ৰী হৰি কাৰ্কী আৰু ওদালগুৰি জিলাৰ সদস্য শ্ৰী নবিন দাহালো উপস্থিত থাকে। তেওঁলোকে স্থানীয় সমিতিৰ সদস্যসকলৰ সৈতে মিলি ভক্তিমূলক পৰিৱেশত অংশগ্ৰহণ কৰে আৰু স্থানীয় লোকক শুভেচ্ছা জনায়।
ৰাস মহোৎসৱৰ সময়ছোৱাত ধৰ্মীয় কীৰ্তন, নাম-ঘোষা পাঠ, ভজন-কীৰ্তন, নাট্য প্ৰদৰ্শন, সাংস্কৃতিক নৃত্য–গীত আৰু ভক্তিমূলক আলোচনাৰ আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে। সন্ধিয়া প্ৰতি জোনাকৰ পোহৰৰ মাজত শ্ৰীকৃষ্ণৰ ৰাসলীলা মঞ্চস্থ হ’ব, যাৰ বাবে স্থানীয় শিল্পীসকল ইতিমধ্যে প্ৰস্তুত।
এই পৱিত্ৰ অনুষ্ঠানৰ জৰিয়তে হৰিশিঙা অঞ্চলৰ সামাজিক সম্প্ৰীতি, ধৰ্মীয় মিলন আৰু ভক্তিৰ বাণী পুনৰ একবাৰ শক্তিশালী ৰূপত প্ৰকাশ পাইছে। ৰাস মহোৎসৱৰ লগতে স্থানীয় ব্যৱসায়, সৰু-ডাঙৰ উদ্যোগপতি আৰু সমাজসেৱীসকলে আগবঢ়াইছে সক্ৰিয় সহায়-সহযোগিতা।
ধর্ম, ভক্তি আৰু সংস্কৃতিৰ এই মিলনৰ ক্ষেত্ৰ হৰিশিঙা ৰাস ময়দান এতিয়া উজ্জ্বল জোনাকৰ মাজত ৰূপ লৈছে পবিত্ৰ বৃন্দাবনৰ, য’ত ৰাইজৰ হৃদয়ত শ্ৰীকৃষ্ণৰ নাম ধ্বনিৰে গুঞ্জৰি উঠিছে— “জয় শ্ৰীকৃষ্ণ!”
✒সোমৰাজ সোনাৰ-প্ৰচাৰ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ।
