All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #3
November 6, 2025

“জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ঐতিহাসিক প্ৰতিবাদী পদযাত্ৰা — সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু)সহ ২৫টা জনগোষ্ঠীয় সংগঠনৰ অংশগ্ৰহণ

📅 November 6, 2025
✍️ AAGSU
🕒 12:02 AM

গুৱাহাটী, ৪ নবেম্বৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি এক ঐতিহাসিক প্ৰতিবাদী পদযাত্ৰা অনুষ্ঠিত হয়। অসমৰ ২৫টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ যৌথ উদ্যোগত আয়োজিত এই পদযাত্ৰা ৰাজ্যজুৰি একতা আৰু প্ৰতিবাদৰ এক দৃঢ় বার্তা দিয়ে। খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা পদযাত্ৰাখন বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমাপন হয়।

পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত হাজাৰ হাজাৰ জনতা উপস্থিত থাকে। “আমাৰ হিয়াৰ আমুঠ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ’বই লাগিব” বুলি প্ৰতিবাদী শ্লোগানেৰে গুৱাহাটী মহানগৰ প্ৰতিধ্বনিত হয়। অংশগ্ৰহণকাৰীসকলে একমতভাৱে দাবী তোলে— জুবিন গাৰ্গৰ ওপৰত হোৱা অন্যায়ৰ শীঘ্ৰ সমাধান নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।

পদযাত্ৰাত অংশগ্ৰহণ কৰা ২৫টা জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলে একসংগে হাত মিলাই জুবিন গাৰ্গক ন্যায়ৰ দাবী তোলে আৰু ৰাজ্য চৰকাৰক স্পষ্ট সতর্কবার্তা প্ৰদান কৰে— “ন্যায় দে, নহ’লে জংগী আন্দোলন।” এই পদযাত্ৰাই ৰাজ্যজুৰি সামাজিক ন্যায়ৰ প্রশ্নত জনগোষ্ঠীয় সংগঠনসমূহৰ একতা আৰু সচেতনতা প্ৰতিফলিত কৰে।

এই প্ৰতিক্ৰিয়াশীল আন্দোলনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ তৰফৰ পৰা কেন্দ্ৰীয় সভাপতি শ্ৰী সুনীল ছেত্ৰী, উপদেষ্টা শ্ৰী বিৰেন্দ্ৰ চুব্বা, লগতে বিভিন্ন জিলা আৰু আঞ্চলিক শাখাৰ কৰ্মীসকলে সক্ৰিয় অংশগ্ৰহণ কৰে। আগছুৰ প্ৰতিনিধিসকলে জনতাক উদ্দেশ্য কৰি কোৱা বক্তব্যত উল্লেখ কৰে— “জুবিন গাৰ্গ কেৱল এটা নাম নহয়, তেওঁ অসমৰ সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক। তেনে শিল্পীক অপমান বা অন্যায় কৰা মানে সমগ্ৰ অসমবাসীক আঘাত কৰা।”

উল্লেখযোগ্য যে, “আমাৰ হিয়াৰ আমুঠ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ৰ দাবীত প্ৰতিবাদী পদযাত্ৰা” নামৰ এই অনুষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন ঠাইত থকা জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত নতুন উদ্যমৰ সঞ্চাৰ ঘটাইছে। প্ৰতিবাদীসকলে গীত, নাটক আৰু স্লোগানৰ জৰিয়তে নিজৰ দাবী প্ৰকাশ কৰে।

বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পদযাত্ৰাৰ অন্তত এক সংক্ষিপ্ত সমাবেশ অনুষ্ঠিত হয়। সমাবেশত বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে কোৱা বক্তব্যত উল্লেখ কৰে— “অন্যায়ৰ বিৰুদ্ধে এই একতাই অসমৰ সৰ্বশ্ৰেষ্ঠ শক্তি। যদি শীঘ্ৰে জুবিন গাৰ্গক ন্যায় প্ৰদান নহয়, তেন্তে জনগোষ্ঠীয় সংগঠনসমূহে জংগী আন্দোলনৰ পথ ধৰি আগবঢ়িব।”

দিনটোৰ সামগ্ৰিক পৰিৱেশত জনগোষ্ঠীয় সংহতি, সাংস্কৃতিক চেতনাৰ স্ফূৰণ আৰু ন্যায়ৰ দাবীত এক অভূতপূর্ব উত্তেজনা দেখা যায়।

✒ সোমৰাজ সোনাৰ- প্ৰচাৰ সম্পাদক,সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ।

📤 Share this story
Scroll to Top