All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #16
February 5, 2026

ককফেক্বা তংনাম উদযাপন আৰু নৱ নিৰ্মিত ইউমা মাংহীম মন্দিৰ শুভ উদ্বোধন অনুষ্ঠান তিনিচুকীয়াত অনুষ্ঠিত

📅 February 5, 2026
✍️ AAGSU
🕒 12:04 AM

তিনিচুকীয়া, ৩০ জানুৱাৰী ৬ঃ লিম্বু মহাসভা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লিম্বু জনগোষ্ঠীৰ ঐতিহ্যবাহী জাতীয় উৎসৱ ককফেক্বা তংনাম (মাঘ বিহু) দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ বৰমচা স্থিত ঘুমা মাংহীম প্ৰাঙ্গণত সফলভাৱে উদযাপন কৰা হয়। এই উৎসৱৰ লগত সংগতি ৰাখি নৱ নিৰ্মিত ইউমা মাংহীম মন্দিৰৰো শুভ উদ্বোধন সম্পন্ন কৰা হয়।.


অনুষ্ঠানটোৰ আৰম্ভণিতে অতিথিসকলক আদৰণি জনোৱাৰ পিছত পৰম্পৰাগত ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু পূজা-পাঠৰ জৰিয়তে উৎসৱৰ শুভ সূচনা কৰা হয়। লিম্বু জনগোষ্ঠীৰ পৰম্পৰা, সংস্কৃতি আৰু ধৰ্মীয় মূল্যবোধৰ প্ৰতিফলন ঘটা এই অনুষ্ঠানত বিভিন্ন অঞ্চলৰ পৰা অহা লিম্বু সমাজৰ লোকসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে।

এই বৰ্ণাঢ্য কাৰ্যসূচীত মুখ্য বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নোমল চেত্ৰী। তেখেতে ভাষণ প্ৰসংগত লিম্বু জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত নিজৰ পৰিচয় জাগ্ৰত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে অসমৰ বহুজাতিক সমাজ ব্যৱস্থাত সকলো জনগোষ্ঠীৰ পাৰস্পৰিক সহযোগিতা আৰু সহাৱস্থানৰ কথা উল্লেখ কৰি এনে সাংস্কৃতিক উৎসৱসমূহ সামাজিক ঐক্য শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য আগবঢ়ায়।


অনুষ্ঠানত উপস্থিত থাকে আগ্ছুৰ ক্ৰীড়া সম্পাদক হিৰা প্ৰধানলগতে কেইবাজনো কেন্দ্ৰীয় তথা জিলা পৰ্য্যায়ৰ লেতৃত্ব । উদ্যাপন সমিতিৰ তৰফৰ পৰা সভাপতি, কাৰ্য্যকৰী সভাপতি আৰু সম্পাদকসকলেও বক্তব্য ৰাখি ককফেক্বা তংনাম উৎসৱৰ ঐতিহাসিক তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁলোকে কয় যে ককফেক্বা তংনাম কেৱল উৎসৱ নহয়, ই লিম্বু জনগোষ্ঠীৰ পৰিশ্ৰম, প্ৰকৃতি-প্ৰীতি আৰু সামাজিক ঐক্যৰ প্ৰতীক। ইউমা মাংহীম মন্দিৰ উদ্বোধনৰ জৰিয়তে ধৰ্মীয় আৰু সাংস্কৃতিক চেতনা অধিক শক্তিশালী হ’ব বুলি তেওঁলোকে আশাবাদ ব্যক্ত কৰে।
দুদিনীয়া কাৰ্যসূচীত লিম্বু পৰম্পৰাগত নৃত্য-গীত, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় আলোচনা আৰু সামাজিক মিলন সভা অনুষ্ঠিত হয়। সমূহ ৰাইজৰ সক্ৰিয় সহযোগিতাত অনুষ্ঠানটো সুশৃঙ্খল আৰু সফলভাৱে সমাপ্ত হয়।


অনুষ্ঠানৰ শেষত লিম্ব মহাসভা অসম তিনিচুকীয়া জিলা সমিতিৰ দল নাল্ব আৰু শিৱম খিমদিং এ উপস্থিত সকলো অতিথি, শিল্পী, স্বেচ্ছাসেৱক আৰু ৰাইজক ধন্যবাদ জনাই এই ধৰণৰ সাংস্কৃতিক আয়োজন আগন্তুক দিনতো অব্যাহত ৰখাৰ সংকল্প ব্যক্ত কৰে।

📤 Share this story
Scroll to Top