
নৱগ্রাম, ১৫ মে’ ২০২৬: নবগ্রাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা ৰূপালী জয়ন্তী বৰ্ষৰ দুদিনীয়া বৰ্ণাঢ্য ৰঙালী বিহু উদযাপন অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। ৩০ আৰু ৩১ ব’হাগ ১৪৩৩ ভাঃ অৰ্থাৎ ১৪ আৰু ১৫ মে’ ২০২৬ তাৰিখে অনুষ্ঠিত এই বিশেষ উদযাপনক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সাংস্কৃতিক ঐতিহ্য, লোকসংস্কৃতি আৰু সামাজিক সম্প্ৰীতিৰ মনোৰম সমন্বয়ে অনুষ্ঠানটিক অধিক আকৰ্ষণীয় কৰি তোলে।
দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ ৩১ ব’হাগৰ সন্ধিয়া ৭ বজাত অনুষ্ঠিত হোৱা মূল সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগ্ছু) কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি শ্ৰী ৰোহিত লামছাল। তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক গৌৰৱমণ্ডিত কৰি তোলে আৰু উপস্থিত ৰাইজৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে।
বন্তি প্ৰজ্বলনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ ঘোষণা কৰি শ্ৰী ৰোহিত লামছালে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ সাংস্কৃতিক আৰু সামাজিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাষণত কয় যে ৰঙালী বিহু কেৱল উৎসৱ নহয়, ই হৈছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ, ঐক্য আৰু সম্প্ৰীতিৰ এক উজ্জ্বল প্ৰতীক। তেওঁ নবগ্রাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এনে অনুষ্ঠানসমূহে সমাজত সাংস্কৃতিক চেতনাক অধিক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে।
উল্লেখ্য যে নবগ্রাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু পৰম্পৰাগত কাৰ্যসূচীৰ আয়োজন কৰিছিল। অনুষ্ঠানত স্থানীয় শিল্পীসকলৰ সাংস্কৃতিক পৰিবেশন, বিহু নৃত্য, লোকগীত আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানেও বিশেষ সমাদৰ লাভ কৰে।
সমিতিৰ সভাপতি শ্ৰীকৃষ্ণ বিশ্বকৰ্মা , উপ-সভাপতি শ্ৰীৰাকেশ বাৰ, সাধাৰণ সম্পাদক শ্ৰীচানচুমা ব্রহ্ম, সহঃসম্পাদক শ্ৰীগজেন ব্রহ্ম, শ্ৰীজানান বাঙা আৰু সহঃসম্পাদিকা শ্ৰীকুশ্মিতা খাখলারীয়ে অনুষ্ঠান সফল কৰি তোলাত সক্ৰিয় ভূমিকা পালন কৰে। স্থানীয় ৰাইজৰ ব্যাপক সহযোগিতা আৰু অংশগ্ৰহণে ৰূপালী জয়ন্তী বৰ্ষৰ এই উদযাপনক স্মৰণীয় কৰি তোলে।