
ধেমাজি,৫ ফেব্ৰুৱাৰী: দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱস পেৰেড তথা Republic Day Camp (RDC) ২০২৬ত National Service Scheme (NSS)ৰ কন্টিনজেণ্টৰ অংশ হিচাপে সহভাগী হৈ ধেমাজী জিলা তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা তেজপুৰ দৰং মহা বিদ্যালয়ৰ ছাত্ৰ তথা চিলাপথাৰ চচাইটিৰ নিবাসী শ্ৰী তাৰা আৰু শ্ৰীমতী ক্ষীণমায়া দেৱীৰ সুযোগ্য পুত্ৰ শ্ৰী নিৰজ শৰ্মাক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজী জিলা সমিতি আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সন্মান জনোৱা হয়।
জানিব পৰা মতে, গণতন্ত্ৰ দিৱসৰ পৱিত্ৰ উপলক্ষে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হোৱা RDC ২০২৬ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কেবল কিছুমান উদ্যমী আৰু প্ৰতিভাৱান যুৱ-যুৱতীৰ মাজত নিৰজ শৰ্মাৰ নিৰ্বাচন হোৱাটো ধেমাজী জিলাৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে। NSSৰ জৰিয়তে সামাজিক সেৱা, শৃংখলা, জাতীয় ঐক্য আৰু দায়িত্ববোধৰ ক্ষেত্ৰত আগবঢ়োৱা নিষ্ঠা আৰু কৰ্মঠতাৰে তেওঁ এই সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা বুলি আয়োজকসকলে উল্লেখ কৰে।
চিলাপথাৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজী জিলা সমিতি আৰু চিলাপথাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে নিৰজ শৰ্মাক ফুলাম গামোচা, স্মাৰক আৰু শুভেচ্ছাবাৰ্তাৰে সন্মান জনায়। অনুষ্ঠানত উপস্থিত বক্তাসকলে কয় যে, নিৰজ শৰ্মাৰ এই কৃতিত্বই কেৱল তেওঁৰ পৰিয়াল বা শিক্ষানুষ্ঠানকেই নহয়, বৰং সমগ্ৰ ধেমাজী জিলা আৰু অসমৰ যুৱসমাজকো অনুপ্ৰেৰণা যোগাব। তেওঁলোকৰ মতে, দেশৰ সৰ্বোচ্চ জাতীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰা মানে দায়িত্ব আৰু গৌৰৱৰ একেলগে বহন কৰা, যাক নিৰজ শৰ্মাই সফলভাৱে প্ৰতিফলিত কৰিছে।
বক্তাসকলে আৰু কয় যে, NSSৰ দৰে সংগঠনৰ জৰিয়তে যুৱসমাজক দেশ সেৱা, সামাজিক দায়িত্ব আৰু শৃংখলাবোধৰ শিক্ষা দিয়া হয়। নিৰজ শৰ্মাই RDC ২০২৬ত অংশগ্ৰহণ কৰি সেই শিক্ষাক বাস্তৱ ক্ষেত্ৰত প্ৰমাণ কৰিছে। এই সফলতাই আগন্তুক দিনত আৰু অধিক যুৱক-যুৱতীক এনে জাতীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
সম্বৰ্ধনা অনুষ্ঠানত নিজৰ অনুভূতি ব্যক্ত কৰি নিৰজ শৰ্মাই কয় যে, এই সাফল্য তেওঁৰ একান্ত ব্যক্তিগত নহয়, বৰং তেওঁৰ পৰিয়াল, শিক্ষাগুৰু, NSSৰ সহকৰ্মী আৰু শুভাকাংক্ষীসকলৰ সহযোগ আৰু আশীৰ্বাদৰ ফল। তেওঁ ভবিষ্যতেও সমাজ আৰু দেশৰ সেৱাত নিজকে উৎসৰ্গা কৰাৰ অঙ্গীকাৰ ব্যক্ত কৰে।
উল্লেখযোগ্য যে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই সদায়েই শিক্ষাৰ্থী আৰু যুৱসমাজৰ সাফল্যক স্বীকৃতি দি তেওঁলোকক উৎসাহিত কৰি আহিছে। নিৰজ শৰ্মাক জনোৱা এই সম্বৰ্ধনাও সেই ধাৰাবাহিক প্ৰচেষ্টাৰ এক অংশ হিচাপে বিবেচিত হৈছে।
প্ৰতিবেদক: পুন্য ৰিজাল- শিক্ষা সম্পাদক, ধেমাজি জিলা সমিতি।