চছল, গুৱাহাটী;3 মাৰ্চ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)ৰ উদ্যোগত আৰু গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (GACDC), অসম নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিসংঘ (অসম প্ৰদেশ), UGPO(S)-ৰ সহযোগত গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত মহানগৰৰ ৰাজধানী চচলত দিনজোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰী ভাস্কৰ দাহাল, সিতাজখলা দুগ্ধ উৎপাদন সমিতিৰ সভাপতি শ্ৰী ৰঞ্জীৱ শৰ্মা, ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী প্ৰকাশ দাহাল আৰু অসম প্ৰান্তীয় সভাপতি শ্ৰী অমৰ অধিকাৰী, UGPO(S)-ৰ সভাপতি শ্ৰী সুৰেশ ঘিমিৰে আৰু সাধাৰণ সম্পাদক শ্ৰী ৰাজু বিষ্ট, নেপালী সাহিত্য সভাৰ লক্ষ্মী দেৱী, এগৰাজ ছেত্ৰী, বিশিষ্ট সমাজসেৱক, প্ৰাক্তন অখিল অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট ব্যক্তিত্ব উদয় ছেত্ৰী, লগতে স্থানীয় মহিলা সমিতি, ৰাধাকৃষ্ণ গোৰ্খা পাঠশালা পৰিচালনা সমিতি, স্থানীয় ৰাইজ তথা পাচ শতাধিক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (AAGSU) কাৰ্যকৰ্তাৰ উপস্থিতিত মহাত্মা গান্ধীৰ আদৰ্শৰে তেখেতৰ ফটো আগত ৰাখি সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে গোৰ্খাসকলৰ ন্যায়সঙ্গত দাবী – গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ অসম চৰকাৰে প্ৰদান নকৰাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।
“সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ”, “We want GAC”, “No GAC, No Rest”, “আমাৰ দাবী ন্যায়সঙ্গত দাবী”, “জয় আই অসম” আদি ধ্বনিৰে প্ৰতিবাদস্থলী দিনজোৰাই গুঞ্জামান হৈ আছিল। কাৰ্যসূচীৰ সমাপ্তিৰ পিছত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (AAGSU) সভাপতি শ্ৰী সুনিল কুমাৰ ছেত্ৰী, সাধাৰণ সম্পাদক শ্ৰী নুমল ছেত্ৰী আৰু গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (GACDC)-ৰ সভাপতি শ্ৰী হৰ্ক বাহাদুৰ ছেত্ৰী, সাধাৰণ সম্পাদক শ্ৰী পদুম বৰাইলীৰ স্বাক্ষৰত আমাৰ সকলো দাবীসম্বলিত এখন স্মাৰক-পত্ৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়।
স্মাৰক-পত্ৰখনত অসমত যুগ যুগ ধৰি বসবাস কৰা গোৰ্খাসকলৰ সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে গোৰ্খা স্বায়ত্ব শাসিত পৰিষদ গঠনৰ লগতে ষষ্ঠ অনুসুচিত অন্তৰ্ভুক্ত তিৰাপ-জাগুন জনজাতীয় অঞ্চলত গোৰ্খা সম্প্ৰদায়ৰ ভূমি সমস্যা সমাধান, অসমৰ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু নাৰ্চিং মহাবিদ্যালয়সমূহত গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসন সংৰক্ষণ, উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নেপালী বিষয়ৰ শিক্ষক নিযুক্তি আদি দাবী সন্নিৱিষ্ট কৰা হয়।