All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #17
February 12, 2026

আজাদ হিন্দ ফৌজৰ চিপাহী প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আন্তঃগাওঁ ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি

📅 February 12, 2026
✍️ AAGSU
🕒 12:06 AM

ডেফেলী, ৮ ফেব্ৰুৱাৰী : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ শাখা সমিতিৰ সহযোগত অনুষ্ঠিত আজাদ হিন্দ ফৌজৰ চিপাহী তথা মুক্তি যুঁজাৰু প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আন্তঃগাওঁ ক্ৰিকেট টুৰ্ণামেণ্ট আজি সফলভাৱে সামৰণি পৰে। অঞ্চলটোৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ ব্যাপক অংশগ্ৰহণেৰে অনুষ্ঠিত এই টুৰ্ণামেণ্টে খেলৰ লগতে দেশপ্ৰেম, ত্যাগ আৰু শৌৰ্যৰ আদৰ্শকো স্মৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হয়।
মুক্তি যুঁজাৰু প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আৰু বঁটা বিতৰণী অনুষ্ঠানত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। আজিৰ চূড়ান্ত প্ৰতিযোগিতাখন ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ যুৱ নেতা মাননীয় শ্ৰীযুত দিগন্ত বেজবৰুৱা ডাঙৰীয়াই শুভ উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেওঁ ক্ৰীড়াক সমাজ গঢ়াৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি যুৱ সমাজক শৃংখলা, ঐক্য আৰু স্বাস্থ্যসচেতন জীৱনশৈলীৰ দিশে আগবঢ়াবলৈ এইধৰণৰ টুৰ্ণামেণ্টৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ছানৰাইজ য়ুথ ক্লাব, উপৰখুটি আৰু গোৰ্খা ব্ৰাদাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত দুয়োটা দলে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়ায়। উত্তেজনাপূৰ্ণ এই খেলখনত ছানৰাইজ য়ুথ ক্লাব, উপৰখুটিৰ দলে উৎকৃষ্ট দলগত সমন্বয় আৰু কৌশলী খেল প্ৰদৰ্শন কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে। আনহাতে, গোৰ্খা ব্ৰাদাৰ্ছ দলে সাহসী প্ৰচেষ্টাৰে খেলি বিজিত দল হিচাপে পৰিগণিত হয় আৰু দৰ্শকৰ প্ৰশংসা লাভ কৰে।


বঁটা বিতৰণী অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিটিচি ক্ষেত্ৰীয় সমিতিৰ মাননীয় উপ-সভাপতি শ্ৰীযুত প্ৰতাপ মগৰ ডাঙৰীয়া, মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত ৰাজু সুবেদী ডাঙৰীয়া, মাননীয় সাংগঠনিক সম্পাদক শ্ৰীযুত নেত্ৰ কুমাৰ উপাধ্যায় ডাঙৰীয়া, তামুলপুৰ জিলা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত টংক ভট্টৰাই ডাঙৰীয়া, সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত বিপ্লৱ চিমৰীয়া ডাঙৰীয়া, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীযুত ছবিলাল ওলী ডাঙৰীয়া, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত বাসুদেৱ উপাধ্যায় ডাঙৰীয়া, ক্ৰীড়া সংগঠক তথা যুৱ নেতা মাননীয় শ্ৰীযুত বাপন দাস ডাঙৰীয়া প্ৰমুখ্যে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বক্তাসকলে ভাষণত প্ৰয়াত পূৰ্ণ বাহাদুৰ ছেত্ৰীৰ দেশপ্ৰেম, ত্যাগ আৰু সাহসিকতাৰ কথা স্মৰণ কৰি তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ আহ্বান জনায়। লগতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পূৱ ডেফেলী আঞ্চলিক সমিতি আৰু সমূহ শাখা সমিতিৰ এই সফল আয়োজনৰ ভূয়সী প্ৰশংসা কৰে। সমগ্ৰ অনুষ্ঠানটো সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত সম্পন্ন হোৱাত আয়োজক সমিতিয়ে অংশগ্ৰহণকাৰী দলসমূহ, অতিথিসকল আৰু সহযোগী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰতিবেদক: দিগবিজয় লুইটেল- সাধাৰণ সম্পাদক, পুব-ডেফেলী আঞ্চলিক সমিতি ।

📤 Share this story
Scroll to Top