All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #9
December 18, 2025

তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ শপতগ্ৰহণ সমাৰোহ সম্পন্ন

📅 December 18, 2025
✍️ AAGSU
🕒 12:05 AM

তামুলপুৰ, ১৪ ডিচেম্বৰঃ তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলিস্থিত নাগ্ৰীজুলি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নৱগঠিত তামুলপুৰ জিলা সমিতিৰ শপতগ্ৰহণ সমাৰোহ অনুষ্ঠিত হয়। জানিব পৰা মতে, সংগঠনটোৰ তামুলপুৰ জিলা সমিতিৰ বিদায়ী উপ-সভাপতি মোহন ভট্টৰাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শপতগ্ৰহণ সমাৰোহৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদায়ী সাধাৰণ সম্পাদক টংক ভট্টৰাইয়ে।

উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আই.টি সম্পাদক কিৰণ খড়কা আৰু সহঃ সাংস্কৃতিক সম্পাদক ত্ৰিদেৱ বিষ্টয়ে তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ নৱগঠিত কাৰ্যনিবাহক সমিতিখনক শপত বাক্য পাঠ কৰোৱোৰ পিছত পুৰণি সমিতিয়ে নৱগঠিত সমিতিখনক কাৰ্যভাৰ অৰ্পণ কৰে।

উল্লেখ্য যে, যোৱা ২৯ নৱেম্বৰৰ দিনাখন জিলাখনৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিস্থিত এন চি আঙাৰাকাটা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাই আগন্তুক ২ বছৰীয়া কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে টংক ভট্টৰাইক সভাপতি আৰু বিপ্লৱ চিমৰীয়াক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে।

উক্ত কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি সঞ্জীৱ চৌহান, সম্পাদক জন কুমাৰ চৌহান, বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰতাপ মগৰ, সাধাৰণ সম্পাদক ৰাজু সুবেদী, কাৰ্যালয় সম্পাদক ৰাজু লমছাল, ভাৰতীয় গোৰ্খা পৰিসংঘৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা পদুম ডাঙী, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতি উপ-সভাপতি সুমন গঢ়তোলা, তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰকাশ লামা, অবিভক্ত বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি পূৰ্ণ ছেত্ৰী, প্ৰাক্তন সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, অসম নেপালী সাহিত্য সভা অবিভক্ত বাক্সা জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক অৰ্জুন উপ্ৰেতি, বিশিষ্ট সমাজকৰ্মী শেষ প্ৰসাদ উপাধ্যায়, বিশিষ্ট সাংবাদিক কৃষ্ণৰাজ সংগ্ৰৌলা প্ৰমুখ্যে সংগঠনটোৰ পূৱ ডেফেলী, নাগ্ৰীজুলি আৰু কুমাৰীকাটা আঞ্চলিক সমিতিৰ নেতৃবৰ্গৰ লগতে জিলাখনৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ নেতা আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিবেদক: বিপ্লৱ চিমৰীয়া-সাধাৰণ সম্পাদক,তামুলপুৰ জিলা সমিতি

📤 Share this story
Scroll to Top