All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #5
November 20, 2025

জুবিন গাৰ্গৰ ৫৩ তম জন্ম জয়ন্তীত টংলাত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন অনুষ্ঠান পালন

📅 November 20, 2025
✍️ AAGSU
🕒 12:06 AM

দুলিয়াপাৰা, টংলা, ১৯ নৱেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, টংলা আঞ্চলিক সমিতিৰ উদ্যোগত দুলিয়াপাৰাৰ মুখ্য কাৰ্যালয় গোৰ্খা ছাত্ৰ নিবাসত আজিৰ পবিত্ৰ দিনটোত হিয়াৰ আমঠু, লুইত কণ্ঠ জুবিন গাৰ্গৰ ৫৩ তম জন্ম জয়ন্তী উপলক্ষে এক শ্ৰদ্ধা-গাম্ভীৰ্যপূৰ্ণ বন্তি প্ৰজ্বলন অনুষ্ঠান আয়োজন কৰা হয়। সাম্প্ৰতিক সময়ত জুবিন গাৰ্গৰ দেহাৱসান হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানটোৱে বিশেষ আবেগী পৰিৱেশ সৃষ্টি কৰে।

অনুষ্ঠানটোৱে কেৱল জন্মজয়ন্তী পালনেই সীমাবদ্ধ নাথাকি, অসমীয়া কৃষ্টি-সংস্কৃতি, মানসিক একতা আৰু সমাজ-সম্প্ৰীতিৰ ক্ষেত্ৰত জুবিন দাৰ গভীৰ প্ৰভাৱক উজ্জ্বলভাৱে প্ৰতিফলিত কৰিলে। উপস্থিত আঞ্চলিক সমিতিৰ সদস্যসকলে জুবিন গাৰ্গৰ সৃজনশীল অভিযাত্রা, অসমীয়া সংগীত জগতৰ বাবে তেখেতৰ অবিৰত অৱদান আৰু আগন্তুক প্ৰজন্মক দিয়া অনুপ্ৰেৰণা স্মৰণ কৰি নীৰৱতা পালন কৰে।

বন্তিৰ শিখাই যেন তেখেতৰ সংগীতৰ দৰে হৃদয় আন্দোলিত কৰি ৰাখে—আলোকিত কৰে, সাহ যোগায়, আৰু সমাজক একতাৰ পথত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। এনে শুভকামনাৰে অনুষ্ঠানটোৰ সমাপ্তি ঘটে।

উক্ত অনুষ্ঠানেৰে আঞ্চলিক সমিতিৰ উপদেষ্টা তয়া নাথ উপাধ্যায়; আঞ্চলিক সমিতিৰ সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক, সহ সম্পাদক, সাংগঠনিক সম্পাদকদ্বয়, সহ শিক্ষা সম্পাদক, কাৰ্যালয় সম্পাদক আদি গণ্যমান্যসকল উপস্থিতিৰ মাধ্যমে জুবিন দাৰ প্ৰতি গভীৰ শ্রদ্ধা জ্ঞাপন কৰা হয়।

প্ৰতিবেদন : সন্জয় ছেত্রী- সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি (আগ্ছু)।

📤 Share this story
Scroll to Top