সৰুপথাৰ, ১৫ অক্টোবৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU), সৰুপথাৰ মহাবিদ্যালয় শাখা সমিতিৰ উদ্যোগত ১৫ অক্টোবৰ, ২০২৫ তাৰিখে প্ৰতিনিধি সভা এখন আয়োজন কৰা হয়। সভাখন সঞ্চালনা কৰে শাখা সমিতিৰ উপ-সভাপতি শ্ৰীযুত বিশাল ছেত্ৰী।

উক্ত সভাত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ উপ-সভাপতি মাননীয় ভগীৰথ পৌড়েল, সহ-সম্পাদক আশিস ছেত্ৰী আৰু চুমন ছেত্ৰী, সাংগঠনিক সম্পাদক দেৱৰাজ ভাৰতী, সাংস্কৃতিক সম্পাদক ৰিতুপন শ্ৰেষ্ঠ, লগতে সৰুপথাৰ মহাবিদ্যালয় শাখাৰ প্ৰতিষ্ঠাপক সভাপতি ভাৰত পুলামী আৰু প্ৰাক্তন সভাপতি বিনোদ ৰাই আদিৰ উপস্থিতি সভাখনক সফল কৰে।
সভাখনৰ মূল উদ্দেশ্য আছিল — শাখা সমিতিখনৰ পুনর্গঠন। উপস্থিত সদস্যসকলৰ মতামতৰ ভিত্তিত নতুন কাৰ্যনির্বাহী সমিতি গঠন কৰা হয়।
নতুন সমিতিত চুৰজ ৰৈকা সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। উপ-সভাপতি পদত নিৰ্বাচিত হয় বসুন্ধৰা পুলামী, ৰহিত মাৰ্ঘালী, ৰাজ শ্ৰেষ্ঠ, বিকাশ দৰ্জী আৰু খুচী চাৰু। সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় চৰিতা চুৰাংগী। সহ-সম্পাদক হিচাপে দায়িত্ব লয় অংকুৰ চুব্বা, বিমলা প্ৰধান, ৰাজীৱ শ্ৰেষ্ঠ আৰু ৰোচান চেত্ৰী।
সাংস্কৃতিক সম্পাদক পদত উমা পুলামী নিৰ্বাচিত হয়, লগতে সহ-সাংস্কৃতিক সম্পাদক হিচাপে মনিষা প্ৰধান আৰু যশোদা ৰানা দায়িত্ব গ্ৰহণ কৰে। সাংগঠনিক সম্পাদক হিচাপে বিকাশ চেত্ৰী, বিবেক ৰানা, ৰিতেছ থাপা আৰু য়ম কুমাৰী নেৱাৰ নিযুক্ত হয়। আলোচনী সম্পাদক পদত বলু নেৱাৰ আৰু চনদীপ পুঁৱাৰ, প্ৰচাৰ সম্পাদক হিচাপে চুৰজ বচনেত, বিত্ত সম্পাদক হিচাপে মহিমা লিম্বু, ক্ৰীড়া সম্পাদক হিচাপে চকশ্যম চেত্ৰী, আৰু শিক্ষা সম্পাদক হিচাপে গায়েত্ৰী ছেত্ৰী দায়িত্ব গ্ৰহণ কৰে।
সদস্য তথা সদস্যাসকলৰ ভিতৰত থাকে নানু লিম্বু, পুৰ্নিমা লামা, সুস্মিতা পুলামী, নিকিতা লামা, ৰোচান লিম্বু, বিশাল ছেত্ৰী, মালা ছেত্ৰী, ভুমিকা থাপা, তৃষ্ণা লিম্বু, ৰাজা লিম্বু, ছনিয়া লিম্বু, তুলসী লিম্বু, ৰিমা চুচুলিং, কমলা পিঠাকটে, মধু চিজালী, বিশাল ছেত্ৰী, শীতল লামা, গংগা প্ৰধান, নিকি থাপা, পেমা চেৰ্পা, মনিষা লায়া, অনিষা লায়া, হেমন্ত খৰ্কা, ৰিনশ্বন তামাং, সঞ্জীৱ পু্ৰ্বচানে, ইৱৰাজ থাপা আৰু আয়ুস লিম্বু।

সভাখনৰ অন্তত উপস্থিত সকলে গোৰ্খা সমাজৰ শিক্ষামূলক, সাংস্কৃতিক আৰু সামাজিক উন্নয়নৰ দিশে ঐক্যবদ্ধভাৱে আগবঢ়াৰ সংকল্প প্ৰকাশ কৰে।