
মাকুম, ১৮ জানুৱাৰীঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ এক গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভা আজি ১৮-০১-২০২৬ তাৰিখে মাকুমত অনুষ্ঠিত হয়। সভাত মাকুম অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু সেইসমূহ সমাধানৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অঞ্চলটোত গোৰ্খা জনগোষ্ঠীৰ সামাজিক, শৈক্ষিক আৰু সাংগঠনিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সংগঠনে আগন্তুক দিনসমূহত অধিক সক্ৰিয় ভূমিকা লোৱাৰ প্ৰস্তাৱো সভাত উত্থাপন কৰা হয়।
উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শ্ৰী অশোক কুমাৰ লামা ডাঙৰীয়া বিশেষ অতিথি হিচাপে উপস্থিত থাকি সংগঠনৰ কৰ্মকৰ্তা আৰু সদস্যসকলক সংগঠনৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে গুৰুত্বপূৰ্ণ দিশা-নিৰ্দেশনা প্ৰদান কৰে। তেওঁ সংগঠনটো অধিক শক্তিশালী, সুশৃঙ্খল আৰু জনমুখী কৰি তুলিবলৈ সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়।
সভাৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসাৰে সংগঠনৰ সাংগঠনিক ক্ষেত্ৰত কেইবাজনো সদস্যৰ নাম আৰু পদবীত সাল-সলনি কৰা হয়। সেই মৰ্মে সঞ্জিত নেৱাৰক অনিৰ্দিষ্ট কাললৈ নিজৰ পদৰ পৰা অব্যাহতি দিয়া হয়। এই সিদ্ধান্তসমূহৰ জৰিয়তে সংগঠনটো অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি সভাত স্পষ্ট কৰা হয়।
প্ৰতিবেদক: মিলন অধিকাৰী- সভাপতি, মাকুম আঞ্চলিক সমিতি(আগ্ছু)।