All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #24
April 2, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা নদুৱাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী সুনীল চেত্ৰী ওপৰত আক্ৰমণ, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

📅 April 2, 2026
✍️ AAGSU
🕒 12:01 AM

নদুৱাৰ, ৩০ মাৰ্চ ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা নদুৱাৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সুনীল কুমাৰ ছেত্ৰীৰ ওপৰত সংঘটিত হোৱা বৰ্বৰ আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। উক্ত ঘটনাক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাই এক প্ৰেছ বিবৃতি জাৰি কৰিছে।

সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ চৌহান আৰু সাধাৰণ সম্পাদক নোমল চেত্ৰীৰ স্বাক্ষৰিত বিবৃতিত কোৱা হয় যে, এখন গণতান্ত্ৰিক দেশত এজন প্ৰাৰ্থীৰ ওপৰত হোৱা এনে আক্ৰমণ অতি নিন্দনীয় আৰু ই নিৰ্বাচনী পৰিৱেশক অশান্ত কৰি গণতন্ত্ৰক দুৰ্বল কৰাৰ এক চেষ্টা। তেওঁলোকে উল্লেখ কৰে যে এই আক্ৰমণ কেৱল এজন ব্যক্তিৰ ওপৰত নহয়, বৰং সমগ্ৰ গোর্খা সমাজ আৰু সুস্থ গণতন্ত্ৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ আঘাত।

সন্থাই ঘটনাৰ লগত জড়িত দোষীসকলক অতি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ প্ৰশাসন আৰু নিৰ্বাচনী আয়োগক আহ্বান জনাইছে। অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো সকীয়নি দিয়া হৈছে।

ইফালে, সামাজিক মাধ্যমত পোৱা তথ্য অনুসৰি উক্ত ঘটনাৰ লগত নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী পদ্ম হাজৰিকা তথা তেখেতৰ দলৰ কাৰ্যকৰ্তা জড়িত থকা বুলি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু চিৰাং জিলা সমিতিসহ বিভিন্ন আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিয়ে পদ্ম হাজৰিকাৰ পুত্তলিকা দাহ কৰাৰ লগতে আন ঠাইতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উল্লেখযোগ্য যে, এই ঘটনাই ৰাজ্যজুৰি সচেতন মহল, ছাত্ৰ সন্থাৰ প্ৰাক্তন আৰু বৰ্তমান কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সামাজিক মাধ্যমতো এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱা দেখা গৈছে।

এই ঘটনাই পুনৰ এবাৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে।

প্ৰতিবেদক: সঞ্জয় ছেত্রী- সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি।

📤 Share this story
← First Story in Issue
Scroll to Top