
খানাপাৰা, গুৱাহাটী, ১১ মে: ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বিগত পাঁচ বছৰত অসমৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি উন্নয়নৰ এক নতুন দিশ সূচনা কৰাৰ পাছত এইবাৰ পুনৰ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত নৱগঠিত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান গাম্ভীৰ্যপূর্ণ পৰিবেশত সম্পন্ন হয়।
উক্ত শপতগ্ৰহণ অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোৱে ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত এক বিশেষ তাৎপৰ্য বহন কৰিছে বুলি উপস্থিত ব্যক্তিসকলে মত প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত বৃহৎ সংখ্যক বিশিষ্ট ব্যক্তি, ৰাজনৈতিক নেতা, সামাজিক সংগঠনৰ প্ৰতিনিধি তথা সাধাৰণ জনতাৰ উপস্থিতি লক্ষ্য কৰা যায়।
ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে উন্নয়ন পৌঁছাওক, ৰাজ্যৰ সৰ্বাংগীণ বিকাশ নিশ্চিত হওক আৰু অসমে দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ মৰ্যাদা লাভ কৰক—এনে আশাবাদ ব্যক্ত কৰে উপস্থিত অতিথিসকলে।
উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী, শিক্ষা সম্পাদক টিংকো পৌডেল, কামৰূপ জিলা সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক গোপাল শৰ্মা সহ বিভিন্ন সংগঠনিক নেতৃত্বৰ উপস্থিতি লক্ষ্য কৰা যায়।
সকলোৱে নতুন চৰকাৰৰ সফল কাৰ্যকালৰ কামনা কৰি ৰাজ্যৰ উন্নয়ন, শান্তি-শৃঙ্খলা আৰু সামাজিক সম্প্ৰীতি অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে।