
মাকুম, ১৫ মে’ ২০২৬ঃ ৬৮ সংখ্যক মাকুম কেন্দ্ৰীয় ৰঙালী বিহুৰ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি-জনজাতিৰ লোকে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি উৎসাহেৰে অংশগ্ৰহণ কৰাত সমগ্ৰ অঞ্চলটো উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে।
এই উপলক্ষে গোৰ্খা সমাজৰ আকৰ্ষণীয় অংশগ্ৰহণে বিশেষভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, মাকুম আঞ্চলিক সমিতিৰ অন্তৰ্গত গোৰ্খা নাৰী পৰিষদ সুন্দৰ নগৰ শাখা সমিতিৰ সদস্যসকলে পৰম্পৰাগত গোৰ্খালী পোছাক, অলংকাৰ আৰু সাংস্কৃতিক পৰিচয়সহ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অনুষ্ঠানটোক বিশেষ গাম্ভীৰ্য প্ৰদান কৰে।
তেওঁলোকৰ শৃংখলাবদ্ধ উপস্থাপনা আৰু সাংস্কৃতিক পৰম্পৰাৰ মনোমোহা প্ৰদৰ্শনে উপস্থিত দৰ্শকসকলক যথেষ্ট মুগ্ধ কৰি তোলে।
শোভাযাত্ৰাৰ সময়ত গোৰ্খা সমাজৰ পৰম্পৰাগত সংস্কৃতি, সামাজিক সম্প্ৰীতি আৰু সামূহিক ঐক্যৰ স্পষ্ট প্ৰতিফলন দেখা যায়।
মহিলা সদস্যসকলৰ উৎসাহজনক অংশগ্ৰহণে নিজৰ ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ প্ৰতি থকা দায়বদ্ধতাক সুস্পষ্টভাৱে প্ৰকাশ কৰে।
মাকুম কেন্দ্ৰীয় ৰঙালী বিহুৰ এই শোভাযাত্ৰাই পুনৰ এবাৰ অসমীয়াৰ বহুসাংস্কৃতিক সমাজত বিদ্যমান ঐক্য, সম্প্ৰীতি আৰু সহঅস্তিত্বৰ পৰম্পৰা আজিও সমানভাৱে শক্তিশালী হৈ থকাৰ প্ৰমাণ দাঙি ধৰিলে।
প্ৰতিবেদনঃ মিলন অধিকাৰী: সভাপতি, মাকুম আঞ্চলিক সমিতি।