
২৪ মে ২০২৬: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ডিমৌস্থিত ধাইবাৰী ৰঙ্গমঞ্চত এক গাম্ভীৰ্যপূৰ্ণ কৃতি শিক্ষাৰ্থী সম্বৰ্ধনা অনুষ্ঠান আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বিদায়ী সম্ভাষণ সভা সফলতাৰে অনুষ্ঠিত হয়। ২০২৫–২৬ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰায় ৪০ গৰাকীতকৈ অধিক কৃতি ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একে লগে শিক্ষাক্ষেত্ৰত দীৰ্ঘদিন ধৰি মূল্যৱান অৱদান আগবঢ়াই অৱসৰ গ্ৰহণ কৰা ৬ গৰাকী শিক্ষকক বিদায়ী সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়।
অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী-এ শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি কয় যে শিক্ষাই সমাজ গঢ়াৰ মূল আধাৰ। তেওঁ কৃতি শিক্ষাৰ্থীসকলক ভৱিষ্যতে অধিক অধ্যৱসায়ী হৈ সমাজ আৰু জাতিৰ কল্যাণত আগবাঢ়ি অহাৰ আহ্বান জনায়। লগতে সংগঠনটোৱে সদায় শিক্ষাৰ বিকাশ আৰু ছাত্ৰসমাজৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰি যাব বুলি উল্লেখ কৰে।
অনুষ্ঠানত আগছুৰ সাংগঠনিক সম্পাদক দীপক নেৱাৰ আৰু কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ শৰ্মা-য়ো উপস্থিত থাকি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাই সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে আন শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডঃ পদ্মনাথ শৰ্মা। তেওঁ নিজৰ ভাষণত শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কেৱল নম্বৰ লাভ নহয়, বৰং এজন সৎ, সচেতন আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলা বুলিও উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত যুৱ নেতা দিপজ্যোতি গগৈ-য়ো শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি সমাজ উন্নয়নত শিক্ষিত যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বক্তব্য ৰাখে।
ইয়াৰোপৰি অসম গোৰ্খা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লামা-য়ো উপস্থিত থাকি আগছুৰ এই পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয় যে শিক্ষাৰ্থী আৰু শিক্ষকসকলক একেলগে সন্মান জনোৱাৰ মাজেৰে সমাজত শিক্ষাৰ মূল্যবোধ অধিক শক্তিশালী হৈ উঠে।
অনুষ্ঠানত জিলাখনৰ বহু গণ্যমান্য ব্যক্তি, অভিভাৱক, সমাজকৰ্মী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সম্বৰ্ধিত কৃতি শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰ সামগ্ৰী প্ৰদান কৰা হয়। আনহাতে অৱসৰপ্ৰাপ্ত শিক্ষকসকলকো বিশেষ সম্বৰ্ধনা আগবঢ়াই তেওঁলোকৰ শিক্ষাক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ শলাগ লোৱা হয়।
সাংস্কৃতিক পৰিৱেশত অনুষ্ঠিত এই অনুষ্ঠানটোৱে ডিমৌ অঞ্চলত এক শিক্ষামূলক আৰু অনুপ্ৰেৰণাদায়ক পৰিৱেশৰ সৃষ্টি কৰে। উপস্থিত ৰাইজে আগছুৰ এই মহৎ পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।
প্ৰতিবেদক: অমন লোহাৰ- সাধাৰণ সম্পাদক, শিৱসাগৰ জিলা সমিতি ।