
তামুলপুৰ, ০২ জুনঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলৰ উচ্চ শিক্ষাৰ এক অগ্ৰণী তথা ঐতিহ্যবাহী শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষা ড° প্ৰতিভা পটোৱাৰীক আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগ্ছুৰ তামুলপুৰ জিলা সমিতি আৰু পূৱ ডেফেলী আঞ্চলিক সমিতিৰ এটি সঁজাতি দলে সৌজন্যমূলক সাক্ষাৎ কৰি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। জানিব পৰা মতে, সংগঠনটোৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিপ্লৱ চিমৰীয়াৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে মহাবিদ্যালয়খনত উপস্থিত হৈ নৱনিযুক্ত অধ্যক্ষা ড° পটোৱাৰীক ফুলাম গামোচা, গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত খাদা আৰু এখন অভিনন্দন পত্ৰ প্ৰদান কৰি উষ্ম আদৰণি জনায়। লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষা হিচাপে নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎকালত সংগঠনটোৰ প্ৰতিনিধিসকলে গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণ, শৈক্ষিক উৎকৰ্ষ সাধন, শিক্ষাৰ গুণগত মানোন্নয়ন আৰু সুস্থ শিক্ষানুষ্ঠানিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত নৱনিযুক্ত অধ্যক্ষাগৰাকীৰ সফল নেতৃত্ব কামনা কৰে। একে সময়তে মহাবিদ্যালয়খনৰ সৈতে ছাত্ৰ সমাজৰ বিভিন্ন শিক্ষামূলক, সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচীত সহযোগিতামূলকভাৱে কাম কৰাৰ আগ্ৰহো প্ৰকাশ কৰে। ইয়াৰোপৰি সংগঠনটোৰ প্ৰতিনিধি দলটোৱে গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালত গোৰ্খা জনগোষ্ঠীৰ যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে সহায়-সহযোগিতা আৰু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, তেওঁলোকৰ অৱদানৰ যথোচিত স্বীকৃতি আৰু মৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। আনহাতে, অধ্যক্ষা ড° প্ৰতিভা পটোৱাৰীয়েও ছাত্ৰ সংগঠনটোৰ শুভেচ্ছা, সদিচ্ছা আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক উন্নয়ন, শৈক্ষিক উৎকৰ্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ কল্যাণৰ স্বাৰ্থত সকলো পক্ষৰ সহযোগিতা কামনা কৰে। উক্ত সৌজন্যমূলক সাক্ষাৎ কাৰ্যসূচীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিৰ উপ-সভাপতি নৰেশ ডট্টৰাই, উপ-সভানেত্ৰী ৰশ্মি ছেত্ৰী, শিক্ষা সম্পাদক অমিৰ বজগাঁই, কাৰ্যনিৰ্বাহক সদস্যা সংগীতা মগৰ আৰু পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি বিশাল মৈনালী উপস্থিত থাকে। লগতে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ড° দিপক বজগাঁই আৰু পূজা প্ৰধানেও উপস্থিত থাকি সংগ দিয়ে। সংগঠনটোৰ এনে সৌজন্যমূলক সাক্ষাৎ আৰু মত-বিনিময় কাৰ্যসূচীয়ে গোৰেশ্বৰ মহাবিদ্যালয় আৰু ছাত্ৰ সংগঠনটোৰ মাজত পাৰস্পৰিক সহযোগিতা, সমন্বয় আৰু সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।
প্ৰেৰকঃ বিপ্লৱ চিমৰীয়া-সাধাৰণ সম্পাদক, তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থা