All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #35
June 18, 2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ বর্ধিত কাৰ্যকৰী সভা সম্পন্ন, নবদ্বীপ ছেত্ৰী সাধাৰণ সম্পাদক নিৰ্বাচিত

📅 June 18, 2026
✍️ AAGSU
🕒 12:05 AM

বিশ্বনাথ, ১৩ জুনঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) বিশ্বনাথ জিলা সমিতিৰ বর্ধিত কাৰ্যকৰী সভা ১৩ জুন ২০২৬ তাৰিখে টকৌবাৰী গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হয়। সভাত জিলা সমিতিৰ লগতে অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

সভাখনত সংগঠনৰ সাংগঠনিক দিশ, ছাত্ৰ কল্যাণমূলক কাৰ্যসূচী, সংগঠনৰ শক্তি অধিক সুদৃঢ় কৰা, আগন্তুক কেন্দ্ৰীয় সমিতিৰ অধিৱেশন সফল কৰি তোলাৰ বাবে প্ৰস্তুতি আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কে বিস্তৃত আলোচনা আৰু মত-বিনিময় অনুষ্ঠিত হয়। উপস্থিত বিষয়ববীয়াসকলে সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, উপস্থিত সকলো আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৰ্বসন্মতিক্ৰমে ভাতৃ নবদ্বীপ ছেত্ৰীক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁৰ নিৰ্বাচনত উপস্থিত সদস্যসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব ফলপ্ৰসূ হ’ব বুলি আশা ব্যক্ত কৰে।

নবনিৰ্বাচিত সাধাৰণ সম্পাদক নবদ্বীপ ছেত্ৰীয়ে সংগঠনে অৰ্পণ কৰা দায়িত্বৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সংগঠনৰ আদৰ্শ, নীতি আৰু লক্ষ্যক আগবঢ়াই নিয়াৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

সভাৰ অন্তত নবনিৰ্বাচিত সাধাৰণ সম্পাদকক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত সংগঠনৰ বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ আহ্বান জনোৱা হয়। সভাখন সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত সফলতাৰে সম্পন্ন হয়।

প্ৰতিবেদক: সুনিল সুতাৰ-সভাপতি, বিশ্বনাথ জিলা সমিতি ।

📤 Share this story
Scroll to Top