All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #36
June 25, 2026

কলিয়াবৰ অঞ্চলত বৃদ্ধি পোৱা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীত নগাঁও উপায়ুক্তক স্মাৰকপত্ৰ আগ্সুৰ

📅 June 25, 2026
✍️ AAGSU
🕒 12:05 AM

নগাঁও, ২০ জুনঃ কলিয়াবৰ সমষ্টি আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহত বৃদ্ধি পাই থকা বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) নগাঁও জিলা সমিতিৰ এটা প্ৰতিনিধি দলে নগাঁও জিলাৰ মাননীয় উপায়ুক্ত দেবাশীষ শৰ্মাক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে।

প্ৰতিনিধি দলটোৱে উপায়ুক্তক অৱগত কৰে যে কলিয়াবৰ অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি আৰু শিল উত্তোলন, বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায় আৰু নেশাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই কাৰ্যকলাপসমূহে কেৱল প্ৰাকৃতিক সম্পদৰ ক্ষতিসাধনেই কৰা নাই, অঞ্চলটোৰ সামাজিক পৰিৱেশ আৰু আইন-শৃংখলা ব্যৱস্থাৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাইছে।

স্মাৰকপত্ৰত উল্লেখ কৰা হয় যে নেশাজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে বিশেষকৈ যুৱ প্ৰজন্মক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বহু যুৱক-যুৱতী এই কু-অভ্যাসৰ কবলত পৰাৰ ফলত তেওঁলোকৰ শিক্ষাজীৱন, সামাজিক জীৱন আৰু ভৱিষ্যৎ বিপদাপন্ন হৈ পৰিছে। লগতে অবৈধ বালি আৰু শিল খননে পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰাৰ উপৰি চৰকাৰী ৰাজহৰো ক্ষতি সাধন কৰিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

আগ্সু নগাঁও জিলা সমিতিয়ে কয় যে সমাজবিৰোধী শক্তিসমূহৰ এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে সময়মতে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে ভৱিষ্যতে পৰিস্থিতি অধিক জটিল হৈ উঠিব পাৰে। সেয়েহে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে ব্যাপক তদন্ত চলাই অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰি আইন অনুসৰি শাস্তি প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনোৱা হয়।

উপায়ুক্ত দেবাশীষ শৰ্মাই সংগঠনটোৰ উদ্বেগসমূহ গুৰুত্ব সহকাৰে শুনি বিষয়সমূহ পৰ্যালোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। তেওঁ আইন-শৃংখলা ৰক্ষা আৰু অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে সদায় সজাগভাৱে কাম কৰি আছে বুলিও উল্লেখ কৰে।

উল্লেখ্য যে, সামাজিক সমস্যা আৰু জনস্বাৰ্থ জড়িত বিভিন্ন বিষয়ত সদায় সক্ৰিয় ভূমিকা পালন কৰি অহা আগ্সু নগাঁও জিলা সমিতিৰ এই পদক্ষেপক সচেতন মহলে আদৰণি জনাইছে। অঞ্চলটোৰ শান্তি-শৃংখলা, পৰিৱেশ সুৰক্ষা আৰু যুৱ সমাজৰ সুস্থ ভৱিষ্যৎ নিশ্চিত কৰাৰ ক্ষেত্ৰত এই ধৰণৰ জনসচেতনতামূলক আৰু গঠনমূলক পদক্ষেপসমূহে ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

এই সাক্ষাৎকাৰত আগ্সু নগাঁও জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি দাবীসমূহৰ প্ৰতি সমৰ্থন জনায়।

প্ৰতিবেদক: পবন নিৰোলা- উপ সভাপতি, নগাঁও জিলা সমিতি।

📤 Share this story
Scroll to Top