
ৰংজুলি, ২০ জুনঃ গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত, লগতে ৰংজুলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত আয়োজিত কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱস যথাযোগ্য মৰ্যাদা আৰু উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়।
উক্ত উপলক্ষে অনুষ্ঠিত মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ গোৱালপাৰা জিলা সমিতিয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগঠন, সামাজিক কৰ্মী, শিক্ষাবিদ, সাহিত্য-সংস্কৃতি অনুৰাগী আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে।
মুকলি সভাত বক্তাসকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন, আদৰ্শ, সাহিত্য-সংস্কৃতি, সংগীত, নাট্যচৰ্চা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকৰ বক্তব্যত অসমীয়া সমাজ আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰীতি, ঐক্য আৰু সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্ৰত কলাগুৰুৰ চিন্তা-চেতনা আজিও সমানভাৱে প্ৰাসংগিক বুলি উল্লেখ কৰা হয়।
গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাভা সমাজক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু সহযোগিতা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায়।
অনুষ্ঠানত সাংস্কৃতিক পৰিবেশনৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। বিভিন্ন সংগঠনৰ অংশগ্ৰহণে অনুষ্ঠানটোক এক মিলনমেলালৈ ৰূপান্তৰিত কৰে। সৌহাৰ্দ্য আৰু ভাতৃত্ববোধৰ পৰিৱেশত অনুষ্ঠিত কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱসৰ এই অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
প্ৰতিবেদক: বিনোদ লামছাল- সভাপতি, গোৱালপাৰা জিলা সমিতি।