
গোৱালপাৰা, ২১ জুন: সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচন, গোৱালপাৰা জিলা সমিতি আৰু গোৱালপাৰা জিলা বঙালী মহিলা ফেডাৰেচনৰ যৌথ উদ্যোগত ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গোৱালপাৰা জনমণ্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃতী শিক্ষাৰ্থী, অভিভাৱক, বিশিষ্ট ব্যক্তি আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ উৎসাহজনক উপস্থিতিয়ে অনুষ্ঠানটোক সাৰ্থক কৰি তোলে।
অনুষ্ঠানত আমন্ত্ৰিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰোহিত লমচাল। তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানত এক বিশেষ মৰ্যাদা প্ৰদান কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰোহিত লমচালে শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক অধ্যৱসায়, শৃংখলা আৰু সামাজিক দায়বদ্ধতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ কয় যে, আজিৰ শিক্ষাৰ্থীসকলেই আগন্তুক সমাজ আৰু জাতিৰ ভৱিষ্যৎ নিৰ্মাতা। সেয়েহে কেৱল শৈক্ষিক সফলতাই নহয়, নৈতিক মূল্যবোধ, মানৱীয়তা আৰু সমাজসেৱাৰ মনোভাৱ গঢ়ি তোলাটোও সমানেই জৰুৰী।
তেওঁ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি, পাৰস্পৰিক সন্মান আৰু ঐক্য অটুট ৰাখি এখন সুস্থ, শক্তিশালী আৰু উন্নত অসম গঢ়ি তোলাৰ ক্ষেত্ৰত যুৱ সমাজৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
অনুষ্ঠানত ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে স্মাৰক, মানপত্ৰ আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়। আয়োজকসকলে কৃতী শিক্ষাৰ্থীসকলৰ সাফল্যক সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰি ভৱিষ্যতেও এনে কাৰ্যসূচী অব্যাহত ৰখাৰ সংকল্প ব্যক্ত কৰে।
সৌহাৰ্দ্য, সম্প্ৰীতি আৰু শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাৰ্তাৰে সমাপ্ত হোৱা অনুষ্ঠানটোৱে উপস্থিত সকলোৰে মাজত এক ইতিবাচক প্ৰভাৱ পেলায়। বিশেষকৈ বিভিন্ন সামাজিক আৰু ছাত্ৰ সংগঠনৰ একেলগে অংশগ্ৰহণে সমাজৰ ঐক্য, সহযোগিতা আৰু শিক্ষাৰ প্ৰতি দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।