All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #39
July 16, 2026

২১৩তম ভানু জয়ন্তী সমাৰোহ আৰু বিশেষ অভিনন্দন অনুষ্ঠান সফলভাৱে সম্পন্ন

📅 July 16, 2026
✍️ AAGSU
🕒 12:05 AM

বৰপথাৰ, ১৩ জুলাইঃ অসম নেপালী সাহিত্য সভা, গোলাঘাট জিলা সমিতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বৰপথাৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ২১৩তম ভানু জয়ন্তী সমাৰোহ আৰু বিশেষ অভিনন্দন অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ভানুভক্ত আচার্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে উপস্থিত অতিথি, সাহিত্যপ্ৰেমী, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ভানুভক্ত আচার্যৰ জীৱন, সাহিত্য-অৱদান আৰু নেপালী ভাষা-সাহিত্যৰ বিকাশত তেওঁৰ অনন্য অৱদানৰ ওপৰত আলোকপাত কৰা হয়।
অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক পৰিৱেশনা, কবিতা আবৃত্তি, গীত-নৃত্য আদিৰে ভানু জয়ন্তীৰ তাৎপৰ্য উজলাই তোলা হয়। লগতে বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা ব্যক্তি তথা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনাই অভিনন্দন জ্ঞাপন কৰা হয়।
অনুষ্ঠানত বক্তাসকলে ভানুভক্ত আচার্যৰ আদৰ্শ অনুসৰণ কৰি ভাষা, সাহিত্য আৰু সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰত নতুন প্ৰজন্মক আগবাঢ়ি অহাৰ আহ্বান জনায়।
শেষত আয়োজক সমিতিৰ তৰফৰ পৰা সকলো অতিথি, অংশগ্ৰহণকাৰী আৰু সহযোগীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।

প্ৰতিবেদক – এনিশা ঘিমিৰে, সহ- সম্পাদক গোলাঘাট জিলা সমিতি (আগছু)

📤 Share this story
Scroll to Top