All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #40
July 23, 2026

ফুলবাৰীত কৃতি শিক্ষাৰ্থী, ভাৰতীয় সেনাত নিযুক্ত যুৱকসকলৰ পৰিয়ালক সম্বৰ্ধনা আৰু আগছুৰ নতুন শাখা সমিতি গঠন

📅 July 23, 2026
✍️ AAGSU
🕒 12:07 AM

জাগুন, ১৯ জুলাই: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ অন্তৰ্গত ফুলবাৰী শাখা সমিতিৰ উদ্যোগত ফুলবাৰী গাঁৱত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত অঞ্চলটোৰ এইবাৰৰ হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীসকলক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় সেনাৰ বিভিন্ন বিভাগত শেহতীয়াকৈ সংস্থাপন লাভ কৰা যুৱকসকলৰ পৰিয়ালকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ ৰিমাল, তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি গোপী ছেত্ৰী, শিক্ষা সচিব খেম বাহাদুৰ ছেত্ৰী, টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মহেন্দ্ৰ গিৰি, উপ-সভাপতি নবীন সোণাৰ, সম্পাদক ৰাকেশ শৰ্মা, সহ-সম্পাদক সঞ্জয় প্ৰধান, সাংগঠনিক সচিব প্ৰেম বাহাদুৰ তামাং, সহ-সাংগঠনিক সচিব সঞ্জয় ছেত্ৰী, কাৰ্যালয় সচিব সঞ্জয় উপাধ্যায়, সক্ৰিয় সদস্য বিনোদ ৰিজাল, সমাজকৰ্মী শ্ৰীমতী ডলী গগৈ চেতিয়া আৰু অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি।

এই উপলক্ষে ভাৰতীয় সেনাৰ অধীনস্থ ITBP-ত কৰ্মৰত মাধৱ শৰ্মা আৰু বিষ্ণু শৰ্মা, লগতে BSF-ত কৰ্মৰত কৃষ্ণ বাহাদুৰ লিম্বুৰ কৰ্মব্যস্ততাৰ বাবে তেওঁলোক উপস্থিত থাকিব নোৱাৰাত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হয়। লগতে এইবাৰ অঞ্চলটোৰ ১৪ গৰাকী শিক্ষাৰ্থীয়ে HSLC আৰু ১২ গৰাকী শিক্ষাৰ্থীয়ে HS পৰীক্ষাত উত্তীৰ্ণ হোৱাত সকলো কৃতি শিক্ষাৰ্থীক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী হিচাপে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত ফুলবাৰী শাখা সমিতি পুনৰগঠন কৰা হয়। অভিষেক ছেত্ৰীক সভাপতি আৰু প্ৰকাশ ছেত্ৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ৩০ জনীয়া নতুন শাখা সমিতি গঠন কৰা হয়। উপস্থিত অতিথিসকলে নতুন সমিতিক সংগঠন অধিক শক্তিশালী কৰাৰ লগতে শিক্ষা, সামাজিক ঐক্য আৰু জাতীয় চেতনাৰ বিকাশৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণৰ আহ্বান জনায়। অনুষ্ঠানটোৱে অঞ্চলটোৰ ছাত্ৰ-যুৱ সমাজৰ মাজত শিক্ষা, শৃংখলা, দেশপ্ৰেম আৰু সংগঠনমুখী চিন্তাধাৰা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা কঢ়িয়াই নিয়ে।

প্ৰতিবেদক : সঞ্জয় উপাধ্যায়, কাৰ্যালয় সম্পাদক, টিৰাপ-জাগুন আঞ্চলিক সমিতি।

📤 Share this story
Last Story in Issue →
Scroll to Top