All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #41
July 30, 2026

বানপীড়িত ৰাইজৰ কাষত আগছু: শিৱসাগৰত সাহায্য সামগ্ৰী বিতৰণ, মানৱীয় অভিযান অব্যাহত ৰখাৰ ঘোষণা।

📅 July 30, 2026
✍️ AAGSU
🕒 12:04 AM

শিৱসাগৰ, ২৪ জুলাই: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত শনিবাৰ আৰু দেওবাৰে শিৱসাগৰ জিলাৰ বানপীড়িত বিভিন্ন অঞ্চলত এক মানৱীয় সাহায্য কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত বহু পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু নিত্যপ্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।

এই সাহায্য অভিযানত আগছুৰ তিনিচুকীয়া, গোলাঘাট, ডিব্ৰুগড়, ধেমাজি জিলা সমিতি, ডিব্ৰুগড় বিশ্ববিদ্যালয় শাখা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া, সদস্য আৰু স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

সাহায্য বিতৰণ কাৰ্যসূচীত আগছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয়ৰাজ থাপা, সাংগঠনিক সম্পাদক দীপক নেৱাৰ, শিক্ষা সম্পাদক ভোজ ৰাজ শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য কৃষ্ণ শৰ্মা, নৱনিৰ্বাচিত সাংগঠনিক সম্পাদক অশোক কুমাৰ লামা আৰু মুখপত্ৰ সম্পাদক চন্দন শৰ্মাই নেতৃত্ব প্ৰদান কৰে।

ইয়াৰ উপৰিও তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দেৱ গুৰুং আৰু সাধাৰণ সম্পাদক শংকৰ জৈছী, শিৱসাগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰাজু থাপা, ধেমাজি জিলা সমিতিৰ সভাপতি চোমৰাজ পুৰী আৰু সাধাৰণ সম্পাদক দিলীপ খনাল, গোলাঘাট জিলা সমিতিৰ সভাপতি মেঘৰাজ গজমেৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰ ছেত্ৰী, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা আৰু সাধাৰণ সম্পাদক দিপু ঘিচিংকে ধৰি বিভিন্ন আঞ্চলিক সমিতিৰ নেতৃত্ব আৰু স্বেচ্ছাসেৱকসকল উপস্থিত থাকে।

আগছুৰ কেন্দ্ৰীয় সমিতিয়ে জানিবলৈ দিয়া মতে, দুৰ্যোগৰ এই সংকটকালত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াটো সংগঠনটোৰ সামাজিক দায়বদ্ধতাৰ অংশ। আগন্তুক দিনসমূহতো বানপীড়িত ৰাইজৰ সহায়ৰ বাবে এই মানৱীয় অভিযান অব্যাহত ৰখা হ’ব বুলি সংগঠনটোৰ শীৰ্ষ নেতৃত্বয়ে প্ৰকাশ কৰিছে।

প্ৰতিবেদক: শ্ৰী সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, টংলা আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top