All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #44
August 20, 2026

বানপীড়িত ছাত্ৰ-ছাত্ৰীলৈ আগছুৰ উদ্যোগত ২০খন চাইকেল বিতৰণ।

📅 August 20, 2026
✍️ AAGSU
🕒 12:01 AM

নাজিৰা, ১২ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ উদ্যোগত আৰু ছিকিমৰ এক হাত এক ছাথ ফাউণ্ডেশ্যনৰ সহযোগত নাজিৰা মহকুমাৰ অন্তৰ্গত বানবিধ্বস্ত কমল চাপৰি অঞ্চলৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ২০গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ২০খন চাইকেল বিতৰণ কৰা হয়।

শেহতীয়া বানপানীয়ে কমল চাপৰি অঞ্চলৰ জনজীৱনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাজীৱনতো যথেষ্ট প্ৰভাৱ পেলাইছে। বানৰ ফলত বহু পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা ভোগ কৰিবলগীয়া হৈছে। বিশেষকৈ দূৰৱৰ্তী অঞ্চলৰ পৰা বিদ্যালয়লৈ নিয়মীয়াকৈ অহা-যোৱা কৰা শিক্ষাৰ্থীসকলৰ বাবে যাতায়াতৰ সমস্যা এক গুৰুত্বপূৰ্ণ বাধা হিচাপে পৰিগণিত হৈছে।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলক শিক্ষাৰ সৈতে সংযুক্ত কৰি ৰখা আৰু বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত কিছু সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে আগছুৱে এই চাইকেল বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰে। চাইকেল লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে এই সহায়ে কেৱল যাতায়াতৰ সুবিধাই প্ৰদান নকৰে, বৰং তেওঁলোকৰ নিয়মীয়া বিদ্যালয় যাত্ৰা অব্যাহত ৰখাতো উৎসাহ যোগাব বুলি আশা কৰা হৈছে।

চাইকেল লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত গৌতম মালি, শীতল থাপা, আৰাধ্য লিম্বু, সাধনা লিম্বু, অমৃত ৰাই, প্ৰীতি শৰ্মা, ৰাজু লিম্বু, আৰ্য্যন লিম্বু, শিভম চুব্বা, অমন দাস, বিভেক ৰাই, লক্ষ্মী সন্দিকৈ, ৰুমী গগৈ, প্ৰজ্ঞান জ্যোতি গগৈ, ৰঞ্জন গগৈ, ফুলমায়া থাপা, কাজল নেওঁগ, কিৰণ ছেত্ৰী, কৰণ শৰ্মা আৰু তমন্না উপাধ্যায় অন্তৰ্ভুক্ত।

এই উপলক্ষে আগছুৰ তৰফৰ পৰা কোৱা হয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াৰ লগতে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ধাৰা অব্যাহত ৰখাত সহায় কৰাটো সমাজৰ সকলোৰে নৈতিক দায়িত্ব। বানপানীৰ দৰে প্ৰতিকূল পৰিস্থিতিয়ে যাতে কোনো শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু বিদ্যালয়মুখী যাত্ৰাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে এনে সহায়মূলক পদক্ষেপে ইতিবাচক ভূমিকা পালন কৰিব পাৰে।

ইফালে, বানপীড়িত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ২০খন চাইকেল প্ৰদান কৰাৰ বাবে আগছুৰ তৰফৰ পৰা ছিকিমৰ এক হাত এক ছাথ ফাউণ্ডেশ্যনৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হয়। সংগঠনটোৱে আগন্তুক দিনতো সমাজৰ পিছপৰা আৰু দুৰ্যোগপীড়িত শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি আশা প্ৰকাশ কৰা হয়।

শিক্ষাৰ্থীৰ মুখত হাঁহি বিৰিঙাই তেওঁলোকৰ শিক্ষাৰ পথ সুচল কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপক অঞ্চলবাসীয়ে এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ হিচাপে আদৰণি জনায়।

“শিক্ষাৰ্থীৰ মুখত হাঁহি, শিক্ষাৰ পথত সহায়” এই সংকল্পৰে আগছুৰ এনে সামাজিক আৰু মানৱীয় কাৰ্যসূচী আগন্তুক দিনতো অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰা হৈছে।

প্ৰতিবেদক : সঞ্জয় ছেত্ৰী, সাধাৰণ সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, টংলা আঞ্চলিক সমিতি।

📤 Share this story
← First Story in Issue
Scroll to Top