All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #46
September 3, 2026

নতুন উদ্যমেৰে AAGSU নগাঁও জিলা সমিতি, বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

📅 September 3, 2026
✍️ AAGSU
🕒 12:06 AM

নগাঁও, ১ ছেপ্টেম্বৰ ২০২৬: সংগঠনৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ আৰু অধিকাৰৰ বাবে নতুন উদ্যমেৰে কাম কৰাৰ লক্ষ্যৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU)-ৰ নগাঁও জিলা সমিতিৰ প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ১ ছেপ্টেম্বৰত নগাঁও জিলাৰ চুলুঙস্থিত Green Ashiyana Palace-ৰ সভাগৃহত অনুষ্ঠিত হয়।

নগাঁও জিলা AAGSU-ৰ সভাপতি শ্ৰী ৰোহিত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও জিলা AAGSU-ৰ উপদেষ্টা শ্ৰী লেখনাথ শৰ্মাৰ লগতে AAGSU কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক শ্ৰী কুলদীপ ছেত্ৰী উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে নগাঁও জিলা AAGSU-ৰ জিলা মূল সচিব শ্ৰী ৰোশন বৰালে সভাৰ উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। তেওঁ নগাঁও জিলাত সংগঠনৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰা, গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা আৰু অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা আৰু আগন্তুক দিনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত AAGSU-ৰ সাংগঠনিক কাম-কাজ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত নগাঁও জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ প্ৰতিনিধিসকল উপস্থিত থাকে। সভাখনত সংগঠনৰ আগন্তুক কাৰ্যসূচী আৰু সাংগঠনিক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

সভাত আগন্তুক “ৰামাইলো ভেটঘাট (Gorkha Freshers’ Social)” অনুষ্ঠান কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ উদ্যোগত সফলভাৱে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। লগতে আগন্তুক কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ ফালৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰি নগাঁও জিলাত AAGSU-ৰ সাংগঠনিক কাম-কাজ অধিক শক্তিশালী আৰু গতিশীল কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। গোৰ্খা ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা, অধিকাৰ আৰু স্বাৰ্থৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্পও গ্ৰহণ কৰা হয়।

আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই নগাঁও জিলা AAGSU আৰু কলিয়াবৰ মহাবিদ্যালয় AAGSU গোটৰ সাংগঠনিক যাত্ৰাত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে আগন্তুক দিনত অধিক শক্তিশালী আৰু সুসংগঠিত ৰূপত কাম কৰাৰ বাবে নতুন সংকল্প গ্ৰহণ কৰে।

প্ৰতিবেদক : ৰোশন বৰাল-সাধাৰণ সম্পাদক, নগাঁও জিলা সমিতি

📤 Share this story
Scroll to Top