All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #46
September 3, 2026

আগছুৰ নৱনিৰ্বাচিত উপ-সভাপতি দুৰ্গা বস্নেতক অভিনন্দন।

📅 September 3, 2026
✍️ AAGSU
🕒 12:06 AM

বান্দৰগুৰি, ৩০ আগষ্ট: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ নৱনিৰ্বাচিত উপ-সভাপতি দুৰ্গা বস্নেতক বান্দৰগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।

এই উপলক্ষে আজি, ৩০ আগষ্ট ২০২৬ তাৰিখে বান্দৰগুৰি আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে নৱনিৰ্বাচিত উপ-সভাপতি দুৰ্গা বস্নেতৰ নিজ বাসগৃহত উপস্থিত হয়। আঞ্চলিক সমিতিৰ প্ৰতিনিধিসকলে তেওঁক ফুলাম গামোচা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনাই নতুন দায়িত্ব লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত উপস্থিত বিষয়ববীয়াসকলে দুৰ্গা বস্নেতৰ দীৰ্ঘদিনীয়া সাংগঠনিক অৱদানৰ শলাগ লোৱাৰ লগতে নতুন দায়িত্বই সংগঠনটোৰ সাংগঠনিক কাম-কাজ অধিক শক্তিশালী আৰু গতিশীল কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আগন্তুক দিনত তেওঁ নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰি গোৰ্খা ছাত্ৰ সমাজ তথা গোৰ্খা সমাজৰ স্বাৰ্থত কাম কৰি যাব বুলি উপস্থিতসকলে আশা ব্যক্ত কৰে।

বান্দৰগুৰি আঞ্চলিক সমিতিয়ে দুৰ্গা বস্নেতৰ সাংগঠনিক জীৱনৰ উত্তৰোত্তৰ সফলতা আৰু সাফল্য কামনা কৰাৰ লগতে তেওঁৰ নেতৃত্বত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে।

প্ৰতিবেদক: শ্ৰী কালিদাস ছেত্ৰী, শিক্ষা সম্পাদক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বান্দৰগুৰি আঞ্চলিক সমিতি।

📤 Share this story
Scroll to Top