All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
Issue #48
September 17, 2026

আগ্ছু বিটিচি ক্ষেত্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত।

📅 September 17, 2026
✍️ AAGSU
🕒 12:03 AM

চিৰাং, ১৪ ছেপ্টেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), বিটিচি ক্ষেত্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আজি চিৰাং জিলাৰ হিমালী আঞ্চলিক সমিতিৰ অন্তৰ্গত আমগুৰিস্থিত শ্বহীদ মেজৰ দুৰ্গা মল্ল ভৱনত অনুষ্ঠিত হয়।

বিটিচি ক্ষেত্ৰীয় সমিতিৰ সভাপতি ৰোহিত কুমাৰ দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সাধাৰণ সম্পাদক ৰাজু সুবেদীয়ে সঞ্চালনা কৰে। সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমৰাজ সোনাৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ উপৰি বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু বিষয়ববীয়াসকল তথা বিটিচিৰ পৰা কেন্দ্ৰীয় সমিতিত প্ৰতিনিধিত্ব কৰা নেতৃত্বৰ প্ৰতিনিধিসকলে সভাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

সভাত বিটিচি অঞ্চলত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু ন্যায্য অধিকাৰ, শিক্ষা, ক্ৰীড়া, সাংগঠনিক শক্তি বৃদ্ধি, যুৱ সমাজৰ ভূমিকা আৰু জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে আঞ্চলিক আৰু জিলা পৰ্যায়ত অধিক সক্ৰিয়তা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ যুৱ সমাজক সংগঠনৰ বিভিন্ন সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত কৰাৰ বিষয়েও আলোচনা কৰা হয়।

শেষত বিটিচি অঞ্চলৰ গোৰ্খা জনগোষ্ঠীৰ স্বাৰ্থ, অধিকাৰ আৰু সামগ্ৰিক উন্নয়নৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা হয়।

প্ৰতিবেদক : শ্ৰী ৰাজু সুবেদী, সাধাৰণ সম্পাদক,বিটিচি ক্ষেত্ৰীয় সমিতি।

📤 Share this story
Scroll to Top