
ডিগবৈ, ১১ ছেপ্টেম্বৰঃ ডিগবৈ মহাবিদ্যালয় (স্বায়ত্ব শাসিত) ৰ ছাত্ৰ একতা সভাৰ ২০২৬-২৭ বৰ্ষৰ নিৰ্বাচনত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসকলে উল্লেখযোগ্য সফলতা লাভ কৰে। নিৰ্বাচনত কেৱল সভাপতি আৰু সাধাৰণ সম্পাদক পদত ভোটগ্ৰহণ অনুষ্ঠিত হয় আৰু দুয়োটা পদতে গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে।
সভাপতি পদত অনুজ উপাধ্যায় আৰু সাধাৰণ সম্পাদক পদত ছবিলাল শৰ্মাই সদৌ অসম ছাত্ৰ সন্থা (AASU)-ৰ সমৰ্থিত প্ৰাৰ্থীক পৰাস্ত কৰি জয়লাভ কৰে।
ইয়াৰ উপৰি পাঁচগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। তেওঁলোক হৈছে— পৱন ছেত্ৰী (লঘু ক্ৰীডা সম্পাদক), তানিশা উপাধ্যায় (তৰ্ক সম্পাদক), অভিষেক প্ৰজাপতি (উপ-সভাপতি), বম্পী গামলিন (গুৰু ক্ৰীডা সম্পাদক) আৰু অনন্যা দত্ত শৰ্মা (ছাত্ৰী জিৰণি কোঠা সম্পাদক)।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে গোৰ্খা ছাত্ৰসকলৰ উদ্যোগত ডিগবৈ মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ডিগবৈ চহৰলৈ এক বিজয় সমদল উলিওৱা হয়। সমদলত ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বিজয়ৰ আনন্দ উদযাপন কৰে। পৰৱৰ্তী সময়ত বিজয়ী প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকৰ ভিতৰত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত থকা সুমন ছেত্ৰী, সাধাৰণ সম্পাদক শংকৰ জৈচী, শিক্ষা সম্পাদক খেম বাহাদুৰ ছেত্ৰী, টিংৰাই আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি মোহন ছেত্ৰী, জিলা সমিতিৰ সদস্য শিৱু ছেত্ৰী, সাংস্কৃতিক উপদেষ্টা জুন প্ৰধান আদি উপস্থিত থাকে।
বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জনাই উপস্থিত বিষয়ববীয়াসকলে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণৰ লগতে ছাত্ৰ সমাজৰ স্বাৰ্থত দায়িত্বশীলভাৱে কাম কৰিবলৈ আহ্বান জনায়।
প্ৰতিবেদন :- যতন প্ৰধান সাংগঠনিক সম্পাদক তথা IT Incharge তিনিচুকীয়া জিলা সমিতি