All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #49
•
September 24, 2026

ডাঃ নাৰায়ণ উপাধ্যায়ৰ পৰিয়ালক আগছুৰ সমবেদনা

📅 September 24, 2026
✍️ AAGSU
🕒 12:01 AM

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ সভাপতি শ্ৰী নোমল ছেত্ৰীৰ নেতৃত্বত এটি সঁজাতি দলে প্ৰয়াত বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায়ৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক আন্তৰিক সমবেদনা জ্ঞাপন কৰে। লগতে আগছুৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এখন সমবেদনা পত্ৰ প্ৰদান কৰা হয়।

আগছুৱে উল্লেখ কৰে যে ডাঃ নাৰায়ণ উপাধ্যায়ৰ বিয়োগ কেৱল চিকিৎসা জগতৰ বাবেই নহয়, সমগ্ৰ সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। চিকিৎসা সেৱাৰ প্ৰতি তেখেতৰ নিষ্ঠা, মানৱীয় সেৱা, মহান কৰ্ম আৰু সমাজৰ প্ৰতি আগবঢ়োৱা মূল্যৱান অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি আগছুৰ নেতৃত্বই মন্তব্য কৰে।

সন্থাৰ তৰফৰ পৰা প্ৰয়াত চিকিৎসকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। এই কঠিন সময়ত পৰিয়ালটোৱে অপূৰণীয় বেদনা সহ্য কৰাৰ শক্তি লাভ কৰক, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আগছুৱে।

📤 Share this story
← First Story in Issue
Scroll to Top