All Assam Gorkha Students' Union

All Assam Gorkha Students’ Union

” Unity | Education | Empowerment ” 

📰 AAGSU e-Bulletin
•
Issue #49
•
September 24, 2026

ত্ৰিদীপ শৰ্মাৰ মেধাৰ স্বীকৃতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতিৰ সম্বৰ্ধনা।

📅 September 24, 2026
✍️ AAGSU
🕒 12:05 AM

চিলাপথাৰ, ২২ ছেপ্টেম্বৰ: গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান আলোচনা চক্ৰ “Indian Energy Basket: Prospects and Challenges”-ত পঞ্চম স্থান দখল কৰি চিলাপথাৰ তথা ধেমাজি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ত্ৰিদীপ শৰ্মাই। একেটা প্ৰতিযোগিতাত ধেমাজি জিলাৰ ভিতৰত তেওঁ প্ৰথম স্থান অধিকাৰ কৰিবলৈও সক্ষম হয়।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতিৰ শিক্ষা সম্পাদক পুণ্য ৰিজালৰ পুত্ৰ ত্ৰিদীপ শৰ্মাৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে ধেমাজি জিলা সমিতিৰ এটি প্ৰতিনিধি দলে তেওঁৰ বাসগৃহত উপস্থিত হৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। প্ৰতিনিধি দলটোৱে ত্ৰিদীপক এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

ত্ৰিদীপ শৰ্মাৰ এই কৃতিত্ব কেৱল এটা প্ৰতিযোগিতাত স্থান লাভ কৰাৰ মাজতে সীমাবদ্ধ নহয়; ই তেওঁৰ মেধা, অধ্যৱসায়, একাগ্ৰতা আৰু জ্ঞানসাধনাৰ এক উজ্জ্বল নিদৰ্শন। তেওঁৰ এই সাফল্যই নৱপ্ৰজন্মক বিজ্ঞান আৰু জ্ঞানচৰ্চাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ লগতে নিজৰ প্ৰতিভা বিকাশৰ বাবে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে।

ধেমাজি জিলা সমিতিয়ে ত্ৰিদীপ শৰ্মাৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰি আগন্তুক দিনত তেওঁ অধিক সফলতা অৰ্জন কৰি চিলাপথাৰ তথা ধেমাজি জিলাৰ নাম অধিক উজলাই তুলিব বুলি আশা প্ৰকাশ কৰে।

📤 Share this story
Scroll to Top