
তামুলপুৰ, ২০ ছেপ্টেম্বৰঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই বাঙালীপাৰাস্থিত মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক জুবিন দিৱস পালন কৰে।
কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিগ্বিজয় লুইটেলে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপ্লৱ চিমৰীয়া আৰু পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি বিশাল মৈনালীয়ে। ইয়াৰ পিছতে পুৱা ১০.৩০ বজাত গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।
দিনৰ ১ বজাত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জুবিন গাৰ্গ সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজাত শিল্পীগৰাকীৰ স্মৃতিত ৫৪ গছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
ইয়াৰ পিছতে সন্ধিয়া ৫.৩০ বজাৰ পৰা জুবিনৰ সুৰেৰে এসন্ধ্যা শীৰ্ষক প্ৰাইজমানি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। ‘ক’ আৰু ‘খ’ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত স্বৰগম সংগীত একাডেমীৰ ছাত্ৰ-ছাত্ৰী আৰু পূৱ ডেফেলী অঞ্চলৰ বিভিন্ন সংগীতশিল্পীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা সংগীতশিল্পী অৰ্জুন উপ্ৰেতি, বিশিষ্ট কণ্ঠশিল্পী তথা প্ৰশিক্ষক বৈদ্যনাথ উপাধ্যায় আৰু কণ্ঠশিল্পী সুৰজ শৰ্মা।
উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহঃ সাংস্কৃতিক সম্পাদক শিবু সোণাৰ, তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বুদ্ধি কৃষ্ণ উপ্ৰেতি, অসম নেপালী সাহিত্য সভা তামুলপুৰ জিলা সমিতিৰ সভাপতি টেক বাহাদুৰ ছেত্ৰী, সাধাৰণ সম্পাদক ছবিলাল ওলী, নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা সঞ্জীৱ বৰ্মন, পূৱ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভগৱান বেজবৰুৱা, নিখিল বড়ো ছাত্ৰ সন্থাৰ শুক্লাই চেৰফাং আঞ্চলিক সমিতিৰ সভাপতি নাজাছাৰ বড়ো, বগামাটি শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক অপূৰ্ব জ্যোতি বৈশ্য, তামুলপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লক্ষী সিং গৌড়, এবিএমছুৰ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি নজৰুল হক, শুক্লাই চেৰফাং টিচিএলচিচিৰ অধ্যক্ষা কৃষ্ণা সুবেদী, উপৰখুঁটিৰ লাট গাঁওবুঢ়া বিনোদ চাপাঁগাই, যুৱ সমাজকৰ্মী কৰণ ছেত্ৰী আৰু বাপন দাসকে ধৰি পূৱ ডেফেলী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতৃবৰ্গ, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়ত্ৰী, বহু বিশিষ্ট ব্যক্তি আৰু অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল উপস্থিত থাকে।
প্ৰেৰকঃ বিপ্লৱ চিমৰীয়া-সাধাৰণ সম্পাদক, তামুলপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থা