
বিশ্বনাথ, ৬ অক্টোবৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), বিশ্বনাথ জিলা সমিতিৰ আগন্তুক চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আজি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
বিশ্বনাথ জিলাৰ অন্তৰ্গত বাঘমৰা আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া উক্ত দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি বৰঝাৰনী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অধিৱেশনখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।
সভাত সৰ্বসন্মতিক্ৰমে শ্ৰী ঘনশ্যাম প্যাকুৰেলক সভাপতি, শ্ৰী চিন্তামণি শৰ্মাক কাৰ্যকৰী সভাপতি আৰু শ্ৰী সাগৰ পৌডেলক মুখ্য সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। লগতে অধিৱেশনখনৰ বিভিন্ন দায়িত্ব সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে অন্যান্য বিষয়ববীয়াও নিৰ্বাচিত কৰা হয়।
সভাত উপস্থিত আগছুৰ জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা প্ৰতিনিধিসকলে আগন্তুক অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।
অভ্যৰ্থনা সমিতি, বাঘমৰা আঞ্চলিক সমিতি আৰু বিশ্বনাথ জিলা সমিতিৰ যৌথ উদ্যোগ, সহযোগিতা আৰু ঐক্যবদ্ধ প্ৰচেষ্টাত আগন্তুক চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখন সফলভাৱে অনুষ্ঠিত হ’ব বুলি সভাত আশা প্ৰকাশ কৰা হয়।